নিউজ ডেস্ক, ৪ মে' :ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত পুনৰ অশান্তিৰ সৃষ্টি কৰিছে পাকিস্তানে । দেওবাৰে নিশাৰ ভাগত জম্মু-কাশ্মীৰ ভাৰত পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পুঞ্চ আৰু ৰাজৌৰী জিলাত পুনৰ মৰ্টাৰ আৰু মেচিনগানেৰে আক্ৰমণ সংঘটিত কৰে পাকিস্তানী সেনাই । প্ৰতিৰক্ষা বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই উল্লেখ কৰিছে এই তথ্য ।
নিয়ন্ত্ৰণৰেখাৰ সমীপৱৰ্তী পুঞ্চ জিলাৰ বালাকোট ছেক্টৰ আৰু ৰাজৌৰী জিলাৰ মাঞ্জাকোটে ছেক্টৰত ধাৰাসাৰ আক্ৰমণ সংঘটিত কৰে পাকিস্তানী সেনাই । দেওবাৰে নিশা প্ৰায় ১০ বজাৰ পৰা দীৰ্ঘসময় ধৰি অব্যাহত থাকে পাকিস্তানী সেনাৰ এই আক্ৰমণ । অৱশ্যে পাকিস্তানী সেনাৰ দ্বাৰা সংঘটিত গুলিবৰ্ষণত ভাৰতীয় সেনাৰ কোনো ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে ।