অসম

assam

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ ৩টা ছেক্টৰত আক্ৰমণ পাক সেনাৰ

By

Published : Nov 11, 2020, 1:30 PM IST

পুনৰ যুদ্ধবিৰতি উলংঘন কৰি ভাৰতত আক্ৰমণ কৰিলে পাকিস্তানে। জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ ৩টা ছেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ। আক্ৰমণৰ প্ৰত্যুত্তৰত গুলীচালনা কৰে ভাৰতীয় সেনাই।

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ ৩টা ছেক্টৰত আক্ৰমণ পাক সেনাৰ
জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ ৩টা ছেক্টৰত আক্ৰমণ পাক সেনাৰ

নেশ্যনেল ডেস্ক, ১১ নৱেম্বৰ: পাকিস্তানী সেনাই বুধবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত আক্ৰমণ কৰি পুনৰ যুদ্ধবিৰতি উলংঘন কৰে। জিলাখনৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ ৩টা ছেক্টৰত নিৰ্বিচাৰ গুলীচালনা কৰে পাক সেনাই। প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই প্ৰকাশ কৰিছে যে, প্ৰায় ০৯১৫ ঘণ্টাত পাক সেনাই ক্ষুদ্ৰ মাৰণাস্ত্ৰ আৰু ম'ৰ্টাৰেৰে কিৰ্ণী, শ্বাহপুৰ আৰু কাছবা ছেক্টৰত আক্ৰমণ কৰি যুদ্ধবিৰতি উলংঘন কৰিছে।

চলিত মাহত ১৩ বাৰ যুদ্ধবিৰতি উলংঘন কৰিছে পাক সেনাই। যোৱা ১ অক্টোবৰত পুঞ্চ জিলাৰ কৃষ্ণগতিত হোৱা দুই দেশৰ সেনাৰ সংঘৰ্ষত এজন ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হৈছিল। ১০ নৱেম্বৰত পাকিস্তানৰ সেনাই পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ ৩টা ছেক্টৰত পাক সেনাই গুলীবৰ্ষণ কৰে। ভাৰতীয় সেনায়ো আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ দিয়ে। প্ৰায় ১০৩০ ঘণ্টাত পাক সেনাই ক্ষুদ্ৰ মাৰণাস্ত্ৰ আৰু ম'ৰ্টাৰেৰে গুলীবৰ্ষণ কৰি অকাৰণতে যুদ্ধবিৰতি উলংঘন কৰিছে।

যোৱা ৭ নৱেম্বৰত পাকিস্তানে পুঞ্চ জিলাৰ আন এক অঞ্চলত আক্ৰমণ কৰে। চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাকিস্তানে ৩,২০০ বাৰৰো অধিক আক্ৰমণ কৰিছে। পাক সেনাৰ আক্ৰমণত এতিয়ালৈকে ২৪ গৰাকী ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে আৰু ১০০ৰো অধিক লোক আহত হয়। বাৰে বাৰে পাক সেনাই কৰা আক্ৰমণৰ বাবে এতিয়া প্ৰাণৰ সংশয়ত ভূগিছে নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ গাঁৱত বাস কৰা লোকসকলে।

লগতে পঢ়ক:নিৰ্বাচনত বিজপিক সমৰ্থন কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ টুইট ৰাইজলৈ

ABOUT THE AUTHOR

...view details