নিউজ ডেস্ক,28জুলাইঃসোমবাৰে পাকিস্তানী আৰ্মীয়ে মান্ধাৰ চেক্টৰত সৰু-সৰু অস্ত্ৰ আৰু মৰটাৰছ লৈ ভাৰত-পাক নিয়ন্ত্ৰণ ৰেখাত গুলীচালনা কৰাৰ লগতে যুদ্ধবিৰতি উলংঘা কৰে ভাৰতীয় সেনা সূত্ৰই জানিবলৈ দিয়ে ৷
ভাৰত-পাক সীমান্তত পুনৰ যুদ্ধ বিৰতি উলংঘা পাকিস্তান সেনাৰ
পাকিস্তানী সেনাই সোমবাৰে ভাৰত-পাকিস্তান সীমান্তত যুদ্ধ বিৰতি উলংঘা কৰি জধে-মধে গুলীচালনা কৰে ৷ পাকিস্তান সেনাই 2020 চন পৰ্যন্ত 2,700 বাৰ যুদ্ধ বিৰতি উলংঘা কৰি অহাৰ তথ্য পোহৰলৈ আহিছে ৷ যাৰ ফলত 21 গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ লগতে 97 গৰাকী লোক গুৰুত্বৰ বাবে আঘাট প্ৰাপ্ত হয় ৷
ইপিনে ঘটনাৰ সৰ্ন্দভত, পাকিস্তানী আক্ৰমণকাৰীক ইয়াৰ যুগ্য প্ৰতুত্ত্যৰ দিয়াৰ কথা উল্লেখ কৰে ভাৰতীয় সেনাই ৷ ইয়াৰ আগতেও মনকট চেক্টৰত নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি উলংঘা কৰিছিল পাকিস্তানী সেনাই ৷ উত্তৰ কাশ্মীৰৰ কুনপাডা জিলাৰ নিয়ন্ত্ৰণ ৰেখা আৰু দক্ষিণ ৰাজৰী,পুঞ্চ চেক্টৰত বাৰে-বাৰে যুদ্ধ বিৰতি উলংঘা কৰি অহাৰ তথ্য পোহৰলৈ আহিছে ৷ ইপিনে পাকিস্তানী আৰ্মীয়ে ইয়াৰ সুযোগ বুজি ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ চলাই থকাৰ খবৰ প্ৰতি দিনে পোহৰলৈ আহি আছে ৷
লগতে পঢ়কঃ ভাৰতলৈ বুলি উৰা মাৰিলে পাঁচখনকৈ ৰাফেল, এক প্ৰতিবেদন