নিউজ ডেস্ক, 2 জুলাই :পাকিস্তান সেনাৰ মুখপাত্ৰ তথা জনসম্পৰ্কৰক্ষী কোষ, ইন্টাৰ চাৰ্ভিছেচ পাব্লিক ৰিলেশ্বনে নিয়ন্ত্ৰণৰেখাৰ সমীপৱৰ্তী পাকিস্তান অধ্যুষিত কাশ্মীৰৰ গিলগিট বাল্টিস্তানত 20,000 পদাতিক বাহিনী মোতায়েনৰ দাবী অস্বীকাৰ কৰিছে ৷ দায়িত্বজ্ঞানহীন আৰু ভুৱা বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্যক অস্বীকাৰ কৰিছে পাকিস্তানৰ সামৰিক বাহিনীৰ জনসম্পৰ্কৰক্ষী গোটটোৱে ৷ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত ভাৰত-চীনৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতিৰ মাজতে ইছলামাবাদে নিয়ন্ত্ৰণৰেখাৰ সমীপলৈ 20,000 সৈন্য প্ৰেৰণ কৰা বুলি বাতৰি সম্প্ৰচাৰ হৈছিল ৷
আইএছপিআৰে টুইটাৰৰ জৰিয়তে এই দাবী অস্বীকাৰ কৰাৰ লগতে আক্চাই চীনৰ সমীপৰ স্কাৰ্ডু বিমানঘাটি চীনে ব্যৱহাৰ কৰি থকাৰ বাতৰিও ভুৱা বুলি জনায় ৷ আইএছপিআৰৰ চীফ মেজ. জেন. বাবৰ ইফটিকাৰে এই কথা প্ৰকাশ কৰিছে ৷ এইদৰে কোনো অতিৰিক্ত বাহিনী আৰু চীনক পাকিস্তানৰ বিমানঘাটি ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাই বুলি শীৰ্ষ সামৰিক বিষয়াগৰাকীয়ে প্ৰকাশ কৰে ৷