নিউজ ডেস্ক, 8 আগষ্টঃ জম্মু-কাশ্মীৰৰ পৰা ধাৰা 370 প্ৰত্যাহাৰৰ পাছতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হৈছে পাক চৰকাৰ ৷ শীঘ্ৰেই ভাৰতৰ স'তে সকলো দ্বি-পাক্ষিক বাণিজ্যিক সম্পৰ্ক শেষ কৰাৰ সিদ্ধান্ত লৈছে পাকিস্তান চৰকাৰে ৷ ভাৰতীয় উচ্চায়ুক্ত (high commissioner) অজয় বিসাৰিয়াক শীঘ্ৰেই পাকিস্তান ত্যাগ কৰাৰ নিৰ্দেশ দিছে পাকিস্তান চৰকাৰে ৷ ৰাষ্ট্ৰীয় সুৰক্ষা সমিতি (এন এচ সি)ৰ স'তে এখন বৈঠকত এই সিদ্ধান্ত লয় পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ৷ উক্ত বৈঠকত পাকিস্তানৰ বহু শীৰ্ষ সামৰিক বিষয়াও উপস্থিত থাকে ৷
ভাৰতৰ সৈতে সকলো দ্বিপাক্ষিক সম্পৰ্ক ছেদ কৰাৰ সিদ্ধান্ত পাকিস্তান চৰকাৰৰ - ভাৰতীয় উচ্চায়ুক্ত অজয় বিসাৰিয়া
এই বৈঠকতে অন্য এক সিদ্ধান্তত উপনীত হয় পাক চৰকাৰ ৷ শীঘ্ৰে দিল্লী প্ৰত্যাহাৰ কৰিব পাকিস্তানী ৰাষ্ট্ৰদূতে ৷ ধাৰা 370 ৰ পাছত দিল্লীত থাকিবলৈ দিয়া নহ'ব পাকিস্তানী ৰাষ্ট্ৰদূতক ৷ আনহাতে ভাৰতৰ বাবে বন্ধ কৰা হ'ব পাকিস্তানী আকাশমাৰ্গ ৷ ভাৰত পাকিস্তানৰ মাজত থকা সৰ্বমুঠ 9 টা পথৰ ভিতৰত 3 টা আকাশমাৰ্গ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লয় পাক চৰকাৰে ৷

উল্লেখ্য যে ৰাষ্ট্ৰীয় সুৰক্ষা সমিতি (এন এচ সি) য়ে ভাৰতৰ স'তে কূটনৈতিক সম্বন্ধ শেষ কৰা, সকলো দ্বি-পাক্ষীক বাণিজ্যিক সম্পৰ্ক স্থগিত কৰাৰ লগতে জম্মু-কাশ্মীৰৰ পৰা ধাৰা 370 প্ৰত্যাহাৰ কৰা এই সকলো বিষয় সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স'তে আলোচনা কৰিব বুলি এক বিবৃত্তি জৰিয়তে প্ৰকাশ কৰে ইমৰান খান চৰকাৰে ৷