অসম

assam

ETV Bharat / bharat

ভাৰতৰ সৈতে আলোচনাৰ পূৰ্বে সন্ত্ৰাসবাদীক দমন কৰক পাকিস্তানে : হোৱাইট হাউচ - নমস্তে ট্ৰাম্প 2020

24 ফেব্ৰুৱাৰীত প্ৰথমটো ভাৰত ভ্ৰমণলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰতৰ ভ্ৰমণে বহুকেইটা দিশৰ লগতে বিশেষকৈ ভাৰত-পাক সম্পৰ্কক লৈ বহুটো চৰ্চা আৰম্ভ হৈছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ পূৰ্বেই পাকিস্তানে আমেৰিকাক কাশ্মীৰ সমস্যা সন্দৰ্ভত মধ্যস্থতা কৰিবলৈ আহ্বান জনাইছিল ৷ কিন্তু এইক্ষেত্ৰত আমেৰিকাই কোনো প্ৰত্যুত্তৰ প্ৰদান কৰা নাছিল ৷ শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ এদিন পূৰ্বে হোৱাইট হাউচে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি পাকিস্তানক সন্ত্ৰাসবাদীক দমন কৰিবলৈ কয় ৷

পাকিস্তান সন্দৰ্ভত হোৱাইট হাউচ
পাকিস্তান সন্দৰ্ভত হোৱাইট হাউচ

By

Published : Feb 23, 2020, 8:28 PM IST

নিউজ ডেস্ক, 23 ফেব্ৰুৱাৰী : ভাৰতৰ সৈতে আলোচনাৰ পূৰ্বে সন্ত্ৰাসবাদীক দমন কৰিবলৈ নিৰ্দেশনা পাকিস্তানক ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰথমটো ভাৰত ভ্ৰমণৰ এদিন পূৰ্বেই পাকিস্তানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হোৱাইট হাউচে ৷ 24 ফেব্ৰুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰথমটো ভাৰতৰ ভ্ৰমণে বহুকেইটা দিশৰ লগতে বিশেষকৈ ভাৰত-পাক সম্পৰ্কক লৈয়ো চৰ্চা লাভ কৰিছে ৷ ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ পূৰ্বেই পাকিস্তানে আমেৰিকাক কাশ্মীৰ সমস্যা সন্দৰ্ভত মধ্যস্থতা কৰিবলৈ আহ্বান জনাইছিল যদিও এইক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত আছিল দেশখন ৷ কিন্তু শেহতীয়াকৈ ভাৰত ভ্ৰমণৰ এদিন পূৰ্বে বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ প্ৰদান কৰিছে হোৱাইট হাউচ প্ৰশাসনে ৷

এইক্ষেত্ৰত হোৱাইট হাউচৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা অনুসৰি, ভাৰত-পাকিস্তানৰ মাজৰ সমস্যা দূৰ কৰিবলৈ আমেৰিকাই সদায় প্ৰচেষ্টা হাতত লৈছে ৷ কিন্তু দুয়োখন প্ৰতিবেশী দেশৰ মাজৰ সম্ভাব্য আলোচনাৰ বাবে প্ৰথমে পাকিস্তানে দেশখনৰ ভিতৰত থকা সন্ত্ৰাসবাদীৰ লগতে বিদ্ৰোহীসকলক দমন কৰিব লাগিব ৷ পাকিস্তানে বাৰম্বাৰ অনুৰোধ জনাই থকা বিষয়টো আমেৰিকাই আগবঢ়াই নিবলৈ সাজু আছে, কিন্তু তাৰ বাবে প্ৰথমে পাকিস্তানে সন্ত্ৰাসবাদক লৈ নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব ৷ বিষয়াগৰাকীয়ে লগতে কয় যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দুয়োখন দেশকে শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনাব আৰু নিয়ন্ত্ৰণৰেখাৰ দুয়োপাৰৰে পৰাই শান্তি প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিবলৈয়ো আহ্বান জনাব ৷ আনহাতে আফগান শান্তি প্ৰক্ৰিয়া সন্দৰ্ভত ভাৰতে কিদৰে সহায় কৰিব সেই বিষয় বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, আমেৰিকাই ভাৰতক এই শান্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ লগতে ইয়াক সফল কৰি তুলিবলৈ সহায় কৰাৰ বাবে আহ্বান জনাব ৷

উল্লেখ্য যে, কাশ্মীৰ সন্দৰ্ভত আমেৰিকাক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ মাজতে শেহতীয়াকৈ এফএটিএফে পাকিস্তানক পুনৰ 2020ৰ জুন মাহলৈ ইয়াৰ গ্ৰে লিষ্টৰ অন্তৰ্ভুক্ত কৰিছে আৰু সন্ত্ৰাসবাদৰ লগতে ইয়াক পূঁজি যোগান ধৰা কাম বন্ধ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷

অহাকাইলৈ অৰ্থাৎ 24 ফেব্ৰুৱাৰীত 12 জনীয়া প্ৰতিনিধি দলসহ ভাৰতত উপস্থিত হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ৷

ABOUT THE AUTHOR

...view details