নেশ্যনেল ডেস্ক, 31 আগষ্টঃ দিল্লী আৰক্ষীক সতৰ্ক কৰিছে চোৰাংচোৱা বিভাগে ৷ অনুচ্ছেদ 370 বাতিলৰ পাচত ৰাজধানী দিল্লী আৰু এন চি আৰ এলাকাত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সংবাদ লাভ কৰিছে চোৰাংচোৱাই ৷ জইচ-ই-মহম্মদে আৰু লস্কৰ-ই-তৈবাৰ পিছত মুজাহিদ্দীনে কাশ্মীৰৰ বাহিৰত ভয়ংকৰ কূটাঘাটৰ ঘটনা সংঘটিত কৰাৰ গুৰুত্বপূৰ্ণ তথ্য আছে বিভাগটোৰ হাতত ৷
ভাৰতত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা পাক সন্ত্ৰাসবাদীৰ - ARTICLE 370
অনুচ্ছেদ 370 বাতিলৰ পাচত ৰাজধানী দিল্লী আৰু এন চি আৰ এলাকাত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সংবাদ লাভ কৰিছে চোৰাংচোৱাই ৷ জইচ-ই-মহম্মদে আৰু লস্কৰ-ই-তৈবাৰ পিছত এিবাৰ অল-উমৰ-মুজাহিদ্দীনে কাশ্মীৰৰ বাহিৰত ভয়ংকৰ কূটাঘাটৰ ঘটনা সংঘটিত কৰাৰ গুৰুত্বপূৰ্ণ তথ্য আছে বিভাগটোৰ হাতত ৷
কাশ্মীৰ উপত্যকাৰ বাহিৰত ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা পাক ISIৰ
উল্লেখযোগ্য যে, চলিত বৰ্যৰ জুন মাহত শ্ৰীনগৰৰ অনন্তনাগত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত জড়িত আছিল অল-উমৰ-মুজাহিদ্দীন ৷ এই আক্ৰমণত 5 জন জোৱান শ্বহীদ হৈছিল ৷ এই সংগঠনটোৰ নেতৃত্ব দিছিল মোষ্টাক আহমেদ জৰগাৰ ওৰফে মোষ্টাক লটৰাম ৷