নিউজ ডেস্ক, ৭ মাৰ্চ : জইছ ই মহম্মদৰ ভাৰত আক্ৰমণৰ আঁৰত আছিল পাকিস্তানী চোৰাংচোৱা। পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফে কৰিছে এই বিস্ফোৰক মন্তব্য।
পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মুশ্বাৰফৰ বিস্ফোৰক মন্তব্য - পাৰভেজ মুশ্বাৰফ
পাকিস্তানী চোৰাংচোৱাৰ সহযোগত জইছ ই মহম্মদে ভাৰতত সংঘটিত কৰিছিল কূটাঘাত : পাৰভেজ মুশ্বাৰফ
পাকিস্তানৰ সাংবাদিক নদিম মালিকৰ সৈতে হৈছে হোৱা এক টেলিফোনিক বাৰ্তালাপত এই মন্তব্য কৰে পাৰভেজ মুশ্বাৰফে। মুশ্বাৰফৰ শাসনকালতোপাকিস্তানৰ চোৰাংচোৱাৰ সহায়ত ভাৰতত জইছ ই মহম্মদে কূটাঘাত সংঘটিত কৰা বুলি সাক্ষাৎকাৰত প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ৷
পাকিস্তানত কূটাঘাত সংঘটিত কৰিবলৈ জইছ-ই-মহম্মদে পৰিকল্পনা কৰাৰ পাচতে দেশখনৰ চোৰাংচোৱাই সন্ত্ৰাসবাদী সংগঠনটোক ব্যৱহাৰ কৰিছিল ভাৰত বিৰোধী কাৰ্যকলাপত। ২০০৩ চনত ৰাষ্ট্ৰপতি গৰাকীকো হত্যাৰ পৰিকল্পনা ৰচিছিল জইছ-ই-মহম্মদে। কিন্তু ইমানৰপাচতো বিভিন্ন ৰাজনৈতিক হেঁচাৰ বাবে জইছ-ই-মহম্মদৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ সক্ষম হোৱা নাছিল বুলি মন্তব্য কৰে মুশ্বাৰফে।