ভাৰতে কৰ’ণা মহামাৰীৰ সৈতে যুঁজ দি থকাৰ সময়ত কৰ্তাৰপুৰ কৰিডৰ পুনৰ মুকলি কৰাৰ বাবে সেউজ সংকেত প্ৰদান কৰাত স্পষ্টভাৱে অনিচ্ছা প্ৰকাশ কৰিছে । মহাৰাজা ৰঞ্জিত সিঙৰ মৃত্যু বাৰ্ষিকী উপলক্ষে শিখ তীৰ্থযাত্ৰীসকলৰ বাবে ২৯ জুনত ঐতিহাসিক কৰিডৰটো মুকলি কৰাৰ বাবে পাকিস্তানে ইচ্ছা ব্যক্ত কৰাৰ পাছত ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰে ।
শনিবাৰে পাকিস্তানী বৈদেশিক মন্ত্ৰী শ্বাহ কুৰেশ্বীয়ে টুইট কৰি কয়- “যিহেতু সমগ্ৰ পৃথিৱীতে উপাসনাস্থলীসমূহ খোলা হৈছে, গতিকে পাকিস্তানেও সকলো শিখ তীৰ্থযাত্ৰীৰ বাবে ২৯ জুনত মহাৰাজা ৰঞ্জিত সিঙৰ মৃত্যু বাৰ্ষিকী উপলক্ষে কৰ্তাৰপুৰ চাহিব কৰিডৰ পুনৰ মুকলি কৰাৰ বাবে সাজু হৈছে ।” কিন্তু ভাৰতৰ মতে পাকিস্তানে সদিচ্ছাৰ এক ভুৱা ভাবমূৰ্তি সৃষ্টি কৰাৰ বাবেহে চেষ্টা চলাইছে ।
এগৰাকী ভাৰতীয় বিষয়াই এই সন্দৰ্ভত কয়- “মাত্ৰ দুই দিন সময়ৰ জাননীৰ ভিতৰত পাকিস্তানে ২৯ জুনত কৰ্তাৰপুৰ চাহিব পুনৰ মুকলি কৰাৰ বাবে প্ৰস্তাৱ দি সদিচ্ছাৰ এক মৰীচিকা সৃষ্টি কৰিব খুজিছে । দ্বিপাক্ষিক চুক্তি অনুসৰি ভাৰতে ভ্ৰমণ সম্পৰ্কীয় তথ্য পাকিস্তানক কমেও সাত দিন আগেয়ে জনাব লাগে । তাৰ বাবে ভাৰতে পঞ্জীয়ন প্ৰক্ৰিয়া আগতীয়াকৈ আৰম্ভ কৰিব লাগিব ।”
২০১৯ চনৰ ৯ নৱেম্বৰত উলহ-মালহেৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে কৰ্তাৰপুৰ চাহিব কৰিডৰ উদ্বোধন কৰিছিল । ভাৰত আৰু বিশ্বৰ শিখ ভক্তসকলৰ দীৰ্ঘদিনৰ ইচ্ছা পূৰণ কৰি কৰিডৰটো অৱশেষত বাবা গুৰু নানকৰ ৫০ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে মুকলি কৰি দিয়া হয় ।
COVID-১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কৰিডৰটো এই বৰ্ষৰ ১৬ মাৰ্চত সাময়িকভাৱে বন্ধ কৰা হয় । কিন্তু কেইবামাহৰ লকডাউনৰ পাছত লাহে লাহে বিশ্বৰ উপাসনাস্থলীসমমূহ খোলা হৈছে । পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰৰ ভাষ্য এনেধৰণৰ—“স্বাস্থ্যসন্মত সতৰ্কতাসমূহ অৱলম্বন কৰাৰ উদ্দেশ্যে পাকিস্তানে ভাৰতক এছ অ’ পি প্ৰস্তুত কৰাৰ বাবে আহ্বান জনাইছে যাতে কৰিডৰটো পুনৰ মুকলি কৰিব পৰা যায় ।”