নিউজ ডেস্ক , 10 জানুৱাৰীঃ শুকুৰবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ LOC সীমান্তত পাকিস্থানী সেনাৰ গুলীবৰ্ষণ আৰু মৰ্টাৰ আক্ৰমণত মৃত্যু হ’ল দুজনকৈ ভাৰতীয় সেনা জোৱানৰ ৷ চৰকাৰী সূত্ৰে প্ৰকাশ কৰিছে যে, সীমান্তত নিজৰ কৰ্তব্যত ব্যস্ত থকাৰ সময়তে পাকিস্থানী সেনাই আক্ৰমণ কৰে সেনা কেইজনক ৷ সেনা বাহিনীৰ এগৰাকী মুখপাত্ৰই উল্লেখ কৰে যে , 1100 ঘণ্টাৰ ভিতৰতে পাকিস্থানী সেনাই পুঞ্চ জিলাৰ গুলপুৰ চেক্টৰত মৰ্টাৰেৰে আক্ৰমণ চলাইছে ৷ আঘাতপ্ৰাপ্ত সেনা কেইজনক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ উল্লেখযোগ্য যে, জম্মু-কাশ্মীৰ সীমান্তত বিগত কিছু দিনৰ পৰা বাৰে বাৰে যুদ্ধ বিৰতি উলংঘন কৰি আছে পাকিস্তানে ৷
জম্মু-কাশ্মীৰৰ সীমান্তত ধাৰাবাহিক আক্ৰমণ চলাইছে পাকিস্থানে - যুদ্ধ বিৰতি উলংঘন কৰিছে পাকিস্থানে
1100 ঘণ্টাৰ ভিতৰতে সীমান্তত মৰ্টাৰেৰে আক্ৰমণ কৰি 2 জন ভাৰতীয় সেনাক হত্যা কৰিলে পাকিস্থানে ৷ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বাৰে বাৰে যুদ্ধ বিৰতি উলংঘন কৰিছে পাকিস্থানে ৷
জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বাৰে বাৰে যুদ্ধ বিৰতি উলংঘন কৰিছে পাকিস্থানে