অসম

assam

ETV Bharat / bharat

কৰ'ণাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত দেশৰ শ্ৰমিক আৰু দৰিদ্ৰ লোকসকলঃ নৰেন্দ্ৰ মোডী - কৰ'ণা মহামাৰী

দেশৰ দৰিদ্ৰ লোকসকলৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে লকডাউন শেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু এই সময়ত সকলোকে অধিক সতৰ্ক হৈ চলিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ। সম্প্ৰতি সমগ্ৰ দেশে এক কঠিন পৰীক্ষাত অৱতীৰ্ণ হৈছে। এই সংকটৰ সময়ত সকলোৱে সতৰ্কতা অৱলম্বন কৰাৰ বাদে একো বিকল্প নাই বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

PM modi
mann ki baat

By

Published : May 31, 2020, 8:02 PM IST

নিউজ ডেস্ক, ৩১ মে' :লকডাউনৰ মাজতে 'মন কি বাত' অনুষ্ঠানৰ জৰিয়তে তৃতীয়বাৰৰ বাবে দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । দেশবাসীক সম্বোধন কৰি কৰ'ণা মহামাৰীৰ ফলত প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু দৰিদ্ৰ লোকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে ।

কেন্দ্ৰীয় তথা সকলো ৰাজ্যৰ চৰকাৰে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক সহায়ৰ বাবে কাম কৰি আছে । বিশেষকৈ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ বাবে ৰেল বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । দেশত ক্ৰমাৎ অৰ্থনৈতিক কাম-কাজ স্বাভাৱিক হোৱাৰ সময়ত সকলোৱে অধিক সতৰ্ক হ'ব লাগিব বুলি মন্তব্য কৰে মোডীয়ে । সকলোকে সামাজিক দুৰত্ব মানি চলাৰ বাবে অনুৰোধ জনোৱাৰ লগতে মাস্ক পিন্ধি থাকিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

ইয়াৰ উপৰিও, দেশৰ দৰিদ্ৰ লোকসকলৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে লকডাউন শেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে । লকডাউন শেষ কৰি জনজীৱন লাহে লাহে স্বাভাৱিক কৰাৰ পদক্ষেপ হাতত লোৱা হৈছে যদিও দেশত বৰ্তমানেও কৰ'ণাৰ বিপদ হ্ৰাস পোৱা নাই । সম্প্ৰতি সমগ্ৰ দেশে এক কঠিন পৰীক্ষাত অৱতীৰ্ণ হৈছে । এই সংকটৰ সময়ত সকলোৱে সতৰ্কতা অৱলম্বন কৰাৰ বাদে একো বিকল্প নাই বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে ।

কিন্তু, বিশ্বৰ অন্য ৰাজ্যৰ তুলনাত কোভিড-১৯ৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত দেশ বহুত আগত আছে বুলি উল্লেখ কৰে নৰেন্দ্ৰ মোডীয়ে । এইপৰ্যন্ত ১ লাখ ৮৩ হাজাৰৰো অধিক লোক এই ভাইৰাছত আক্ৰান্ত হৈছে যদিও মৃত্যুৰ হাৰ কম । সেয়ে সমগ্ৰ বিশ্বই কৰ'ণাৰ মোকাবিলাৰ ক্ষেত্ৰত ভাৰতৰ ওপৰত দৃষ্টি ৰাখিছে বুলি 'মন কি বাত' অনুষ্ঠানত উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

ABOUT THE AUTHOR

...view details