অসম

assam

ETV Bharat / bharat

জোৱানসকলৰ মৃত্যুৰ দুখ শব্দৰে প্ৰকাশ কৰিব নোৱাৰিঃ অমিত শ্বাহ - পূৰ্ব লাডাখত চীনা সৈন্য়ৰ আক্ৰমণ

"মাতৃভূমি ৰক্ষাৰ অৰ্থে লাডাখত নিজ প্ৰাণ বিসৰ্জন দিয়া আমাৰ ২০ গৰাকীকৈ বীৰ জোৱানক হেৰুওৱা দুখ এই কেতিয়াও ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো। তেওঁলোকৰ বীৰত্ত্বই মাতৃভূমিৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলন কৰে।"- গৃহমন্ত্ৰী অমিত শ্বাহ

অমিত শ্বাহ
Pain of losing soldiers can't be put in words, says Shah

By

Published : Jun 17, 2020, 7:06 PM IST

নিউজ ডেস্ক, ১৭ জুনঃ পূৰ্ব লাডাখত চীনা সৈন্য়ৰ আক্ৰমণত ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱা ঘটনাক লৈ বুধবাৰে গভীৰ শোক প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বিগত প্ৰায় ডেৰমাহৰ উত্তেজনাময় পৰিস্থিতিৰ অন্তত সোমবাৰে নিশা পূৰ্ব লাডাখৰ গালৱান উপত্যকাত ভাৰতীয় আৰু চীনৰ সেনা মাজত সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষত শ্বহীদ হৈছিল এজন কৰ্ণেলসহ ২০ গৰাকীকৈ ভাৰতীয় সেনা জোৱান ।

জোৱানসকলৰ মৃত্যুৰ দুখ শব্দৰে প্ৰকাশ কৰিব নোৱাৰিঃ অমিত শ্বাহ

"মাতৃভূমি ৰক্ষাৰ অৰ্থে লাডাখত নিজ প্ৰাণ বিসৰ্জন দিয়া আমাৰ ২০ গৰাকীকৈ বীৰ জোৱানক হেৰুওৱা দুখ এই কেতিয়াও ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো। কেন্দ্ৰীয় শাসিত অঞ্চলখনত সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত শ্বহীদ হোৱা জোৱানসকলক দেশবাসীয়ে চেল্যুত জনাইছে। তেওঁলোকৰ বীৰত্ত্বই মাতৃভূমিৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলন কৰে।" জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে টুইটাৰযোগে জোৱানসকলৰ মৃত্যুত এনেদৰে শোক প্ৰকাশ কৰে।

উল্লেখ্য যে,সোমবাৰে নিশা ভাৰতীয় সেনা আৰু চীন সেনাৰ মাজত হোৱা সংঘৰ্ষত শিল আৰু ৰ'ডেৰে ভাৰতীয় সেনাক আক্ৰমন কৰিছিল চীন সেনাই। কাটা তাঁৰ লগোৱা লাঠিৰে একেৰাহে বহুকেইজন ভাৰতীয় সেনাক আঘাত কৰিছিল কৰে চীন সেনাই।

লাডাখত হোৱা এই আক্ৰমণত কৰ্নেল সন্তোষ বাবুৰ লগতে ১৯ জন সেনা জোৱান শ্বহীদ হয়। শ্বহীন জোৱান কেইজনৰ ভিতৰত বিহাৰ ৰেজিমেণ্টৰ ১২ জন, পঞ্জাৱ ৰেজিমেণ্টৰ তিনিজন , ৮১ এম পি এচ চি ৰেজিমেণ্টৰ এজন আৰু ৮১ ফিল্ড ৰেজিমেণ্টৰ এজন জোৱান আছে।

লগতে চাওকঃ গালৱান ভেলীৰ ওপৰত নিজ সাৰ্বভৌমত্বৰ দাবী চীনৰ

ABOUT THE AUTHOR

...view details