নিউজ ডেস্ক,23 অক্টোবৰ : ছত্তিশগড়ৰ ৰাজনান্দগাঁৱৰ অন্তৰ্গত এখন সৰু গাঁৱৰ চুকুলদইহানৰ নিৱাসী পদ্মশ্ৰী বঁটাপ্ৰাপ্ত ফুলবাচন বাই যাদৱ মহিলাসকলৰ বাবে হৈ পৰিছে এক অন্য়তম উদাহৰণ ৷ শুকুৰবাৰে ‘কৌন বনেগা কৰোড়পতি’ (KBC)ৰ হট্ চীটত দেখা যাব ফুলবাচন বাই যাদৱক ৷
উল্লেখ্য যে,তেওঁৰ দ্বাৰা গঠিত স্ব-সহায়তা ‘Maa Bamleshwari’ নামৰ এক মহিলাৰ গোটে 2 লাখ মহিলাক জীৱিকা নিৰ্বাহৰ পথ দেখুৱাই দিয়ে ৷ এই পদক্ষেপৰ বাবে তেওঁ কেবিচিৰ বিশেষ কৰ্মবীৰ খণ্ডত ভাগ ল’বলৈ সুবিধা লাভ কৰে ৷ কেবিচিৰ এই খণ্ডটোত তেওঁক ‘কৰ্মবীৰ’ হিচাপে বাচনি কৰা হৈছে ৷
ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰযোগে তেওঁ কয় যে,পদ্মশ্ৰী ফুলবাচন বাই যাদৱে দহ বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হৈছিল ৷ দৰিদ্ৰতাত ভুগি তেওঁ আত্মহত্যা কৰাৰ সিদ্ধান্ত লৈছিল যদিও তেওঁৰ সন্তানে তেওঁক বাধা প্ৰদান কৰে ৷