নিউজ ডেস্ক, ১৫ ডিচেম্বৰ :দেশৰ আগশাৰীৰ মহাকাশ বৈজ্ঞানিক তথা পদ্ম বিভূষণ বঁটাৰে সন্মানিত ৰোড্ডাম নৰসিমহাৰ সোমবাৰে দেহাৱসান ঘটে । বিগত ৮ ডিচেম্বৰত মগজুৰ ৰক্তক্ষৰণ হোৱাৰ পিচতেই বেংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল মহান বৈজ্ঞানিকগৰাকীক । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ ।
১৯৩৩ চনৰ ২০ জুলাইত জন্মগ্ৰহণ কৰা অধ্যাপক নৰসিমহাই মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত ফ্লুইড ডাইনামিচিষ্ট হিচাপে যথেষ্ট অৰিহণা আগবঢ়াইছিল । ১৯৬২ চনৰ পৰা ১৯৯৯ চনলৈ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত তেওঁ মহাকাশ অভিযান্ত্ৰিকতা বিভাগত অধ্যাপনা কৰিছিল । ১৯৮৪ চনৰ পৰা ১৯৯৩ চনলৈ তেওঁ ৰাষ্ট্ৰীয় মহাকাশ পৰীক্ষাগাৰৰ নিৰ্দেশক হিচাপে সেৱা আগবঢ়াইছিল । ২০০০ চনৰ পৰা ২০১৪ চনলৈ তেওঁ বেংগালুৰুস্থিত জৱাহৰলাল নেহৰু উচ্চ বৈজ্ঞানিক গৱেষণা প্ৰতিষ্ঠানৰ ইঞ্জিনীয়াৰিং মেকানিকছ খণ্ডৰ অধ্যক্ষ হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল । ভাৰতীয় মহাকাশ খণ্ডলৈ আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানক স্বীকৃতি প্ৰদান কৰি ২০১৩ চনত ভাৰত চৰকাৰে ৰোড্ডাম নৰসিমহালৈ আগবঢ়াইছিল দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ ।