অসম

assam

By

Published : Jan 13, 2021, 7:04 PM IST

ETV Bharat / bharat

পদ্মশ্ৰী ডি প্ৰকাশ ৰাওৰ বিয়োগ

63 বছৰ বয়সত কটকৰ এছচিবি মহাবিদ্য়ালয় হাস্পতালত মৃত্য়ু হয় উড়িশাৰ বিশিষ্ট ব্য়ক্তিগৰাকীৰ। প্ৰায় 20 দিন পূৰ্বে কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতে হাস্পতালখনত ভৰ্তি কৰা হৈছিল তেওঁক ।

পদ্মশ্ৰী ডি প্ৰকাশ ৰাওৰ বিয়োগ
পদ্মশ্ৰী ডি প্ৰকাশ ৰাওৰ বিয়োগ

নেশ্যনেল ডেস্ক,১৩ জানুৱাৰী :দেশৰ প্ৰখ্য়াত সমাজ কৰ্মী পদ্মশ্ৰী ডি প্ৰকাশ ৰাও আৰু নাই । 63 বছৰ বয়সত কটকৰ এছচিবি মহাবিদ্য়ালয় হাস্পতালত মৃত্য়ু হয় উড়িশাৰ বিশিষ্ট ব্য়ক্তিগৰাকীৰ । প্ৰায় 20 দিন পূৰ্বে কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতে হাস্পতালখনত ভৰ্তি কৰা হৈছিল তেওঁক ।

২০১৯ চনত তেওঁক প্ৰদান কৰা হৈছিল "পদ্মশ্ৰী" সন্মান

পৰিয়ালে জনোৱা মতে ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্য়ু হৈছে ডি প্ৰকাশ ৰাওৰ । 25 ডিচেম্বৰত তেওঁৰ দেহত ক'ভিড-19 ৰ উপস্থিতি ধৰা পৰিছিল । হাস্পতালত ভৰ্তি কৰাৰ পিছত শেহতীয়াকৈ তেওঁৰ স্বাস্থ্য়ৰ যথেষ্ট পৰিমাণে অৱনতি হৈছিল আৰু তেওঁক আইচিইউত ৰখা হৈছিল । উল্লেখ্য যে, সমাজৰ প্ৰতি থকা বৃহৎ অৱদানৰ বাবে 2019 চনত তেওঁক প্ৰদান কৰা হৈছিল "পদ্মশ্ৰী" সন্মান ।

বিশিষ্ট ব্য়ক্তিগৰাকীৰ মৃত্য়ুৰ পিছত এতিয়া সমগ্ৰ উড়িশাতে শোকৰ ছাঁ পৰিছে । তেওঁ আত্মাৰ চিৰশান্তিৰ বাবে বিভিন্নজনে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :মধ্য প্ৰদেশত মহিলাৰ অৰ্ধদগ্ধ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details