অসম

assam

ETV Bharat / bharat

বিহাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰই

বিহাৰৰ শক্তিশালী দলসমূহৰ মাজত বিহাৰ বিধানসভা নিৰ্বাচনত পাটনাৰ বংকীপুৰ সমষ্টিৰ পৰা অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা মনীষ বৰিয়াৰ নামৰ এজন ব্যক্তিয়ে নিৰ্বাচনী প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ ইতিমধ্য়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মেধাৱী ছাত্ৰজনে ৷

Oxford alumnus to contest as an Independent in Bihar polls
বিহাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰই

By

Published : Oct 15, 2020, 11:45 AM IST

নিউজ ডেস্ক,15 অক্টোবৰ: সমাগত বিহাৰ বিধানসভা নিৰ্বাচনত বিহাৰৰ শক্তিশালী দলসমূহৰ মাজত পাটনাৰ বংকীপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা মনীষ বৰিয়াৰ নামৰ ব্যক্তিজনে ৷

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰজনে বাণিজ্য মন্ত্ৰণালয়ত প্ৰথম বৰ্গৰ চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰি বংকীপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা সিদ্ধান্ত লয় ৷ ইতিমধ্য়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মেধাৱী ছাত্ৰজনে ৷

বৰিয়াৰে সদৰি কৰা মতে,প্ৰচাৰত তেওঁ ৰাইজৰ বিপুল সমৰ্থন লাভ কৰিছে ৷ আৰম্ভণিতে যদিও তেওঁক শিক্ষকতা কৰিছিল,কিন্তু গৃহজিলাৰ লোকসকলৰ সেৱা কৰাতহে তেওঁ আগ্ৰহী আছিল ৷ মনীষ বৰিয়াৰ এজন মধ্যবিত্ত পৰিয়ালৰ ল’ৰা ৷

বিহাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰই

তেওঁ কয় যে,‘‘আজিকালি মানুহে টকা-পইছাৰ লালসাত ৰাজনীতিত প্ৰৱেশ কৰে,যিটো একেবাৰে সমাজবাদ নহয় ৷ ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে কিছু টকা উপাৰ্জন কৰাৰ উচিত যাতে তেওঁ নিজৰ প্ৰয়োজনখিনি পূৰণ কৰিব পাৰে আৰু তাৰ পাচত জন প্ৰতিনিধি হিচাপে ৰাইজৰ সেৱা কৰিব পাৰে’’ ৷

বৰিয়াৰে নিজকে বিহাৰী বুলি গৰ্ব অনুভৱ কৰাৰ লগতে বিহাৰে ভাৰতক প্ৰতিনিধিত্ব কৰে বুলি মন্তব্য় আগবঢ়ায় ৷

লগতে পঢ়ক:জন্ম বাৰ্ষিকী উপলক্ষে ড৹ এপিজে আব্দুল কালাম আজাদলৈ দেশবাসীৰ শ্ৰদ্ধা

ABOUT THE AUTHOR

...view details