অসম

assam

By

Published : Jan 7, 2020, 6:26 PM IST

ETV Bharat / bharat

JNU হিংসা : আক্ৰমণকাৰীৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ অভিযোগ অৱেইছিৰ

JNUত ভাড়াতীয়া গুণ্ডা অনা হৈছিল বুলি দাবী কৰে AIMIMৰ সভাপতি অৱেইছিয়ে ৷ লগতে JNUৰ উপাচাৰ্য জগদীশ কুমাৰৰো পদত্যাগ দাবী কৰে অৱেইছিয়ে ৷

Owaisi on JNU clash
AIMIM ৰ সভাপতি অৱেইছি

নেশ্যনেল ডেস্ক, 7 জানুৱাৰী : AIMIMৰ সভাপতি অৱেইছিয়ে মঙলবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ছাত্ৰক আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনায় ৷ সমগ্ৰ ঘটনাত ভাড়াতীয়া গুণ্ডাবাহিনীৰ জৰিয়তে ছাত্ৰক হত্যাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে অৱেইছিয়ে ৷ হাইদৰাবাদৰ সাংসদগৰাকীয়ে সাংবাদিকৰ আগত কয় যে,মুখা পৰিহিত দুস্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰা উচিত, সেইসকলক হত্যা আৰু বিশ্ববিদ্যালয়ৰ সম্পত্তি ধংস কৰিবৰ বাবে ভাড়াত অনা হৈছিল ৷ অৱেইছিয়ে লগতে JNU ৰ উপাচাৰ্য জগদীশ কুমাৰৰ পদত্যাগ দাবী কৰে ৷ অৱেইছিয়ে কয়, "তেওঁৰ যদি অলপো লাজ বাকী আছে, তেওঁ পদত্যাগ কৰা উচিত৷ বিশ্ববিদ্যালয়ৰ মুৰব্বী হিচাপে তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ ৰক্ষা কৰিব লাগিছিল ৷"

All India Majlis-e-Ittehadul Muslimeen (AIMIM)য়ে লগতে JNU ৰ ছাত্ৰ একতা সভাৰ সভাপতি এছে ঘোষৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰাক সমালোচনা কৰে ৷ তেওঁ কয়, "মই ইয়াৰ গৰিহণা দিছো ৷এই আক্ৰমণত তেওঁ আঘাতপ্ৰাপ্ত হৈছে, কিন্তু আক্ৰমণকাৰী সকলক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধেহে গোচৰ ৰুজু কৰিলে ৷"

আক্ৰমণৰ দুটাকৈ দিন পাৰ হোৱাৰ পাচতো আৰক্ষীয়ে আক্ৰমণকাৰীক আটক কৰিবলৈ সক্ষম নোহোৱা বুলি মন্তব্য কৰে অৱেইছিয়ে ৷ "আক্ৰমণ কৰা সকল মাৰ্চ আৰু শুক্ৰ গ্ৰহৰ পৰা মহাকাশ যানেৰে অহা এলিয়েন আছিল ৷ মুখা পৰিহিত এই এলিয়েনসমূহ লোহা আৰু লাঠিৰে মনে মনে বিশ্ববিদ্যালয়ত সোমায় আৰু আক্ৰমণ কৰি মহাকাশযানত বিশ্ববিদ্যালয় এৰে ৷" অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এই আক্ৰমণ নাই কৰা বুলি কৰা দাবীক উপহাস কৰে অৱেইছিয়ে ৷

হিন্দু ৰক্ষা দলে এই ঘটনাৰ দায়িত্ব মূৰ পাতি লোৱাৰ কথা প্ৰকাশ পোৱাৰ পাচতে অৱেইছিয়ে কয়, "দায়িত্ব গ্ৰহণ কৰা বহুৱাসকল কোন ৷"

সাংসদগৰাকীয়ে কয় যে, প্ৰায় ডেৰ ঘন্টা ধৰি মুখা পিন্ধা আক্ৰমণকাৰীয়ে আক্ৰমণ কৰিলে, কিন্তু দিল্লী আৰক্ষীয়ে বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিবলৈ কেনেদৰে অনুমতি প্ৰদান কৰিলে৷ "এই আৰক্ষীয়েই জামিয়া মিলিয়া ইছলামিয়াত প্ৰৱেশ কৰিছিল আৰু পুঁথিভৰালৰ ভিতৰত প্ৰৱেশ কৰি ছাত্ৰসকলক মাৰপিট কৰিছিল৷ ইয়াৰ ফলত এজন ছাত্ৰই দৃষ্টিশক্তি হেৰুৱাব লগা হৈছিল ৷ এই আৰক্ষী জোৱানেই ছাত্ৰীসকলকো আক্ৰমণ কৰিছিল ৷ গুন্দাবাহিনীক প্ৰতিৰোধ কৰিবলৈ আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৷ এইয়াই নতুন ভাৰত ৷"

আৰু পঢ়ক : JNU হৈছে ৰাষ্ট্ৰীয় বিৰোধী স্থলীঃ পিংকী চৌধুৰী

ABOUT THE AUTHOR

...view details