নেশ্যনেল ডেস্ক, 13 ডিচেম্বৰ : শুকুৰবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এক ডজনকৈও অধিক আবেদন দাখিল কৰা হৈছে উচ্চতম ন্যায়ালয়ত ৷ এই আবেদনকাৰীসকলৰ ভিতৰত আছে কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশ, তৃণমূল কংগ্ৰেছ সাংসদ মহুৱা মৈত্ৰ, আছু আৰু বহুসংখ্যক আবেদনকাৰী ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে নাগৰিকত্ব সংশোধনী বিধেয়কত হস্তাক্ষৰ কৰাৰ পাচতে বিধেয়কখন আইনত পৰিণত হয় ৷
আবেদনকাৰীসকলৰ ভিতৰত অন্যতম হৈছে শান্তি পাৰ্টী, 'ৰিহাই মঞ্চ' আৰু 'হিংসাৰ বিৰুদ্ধে জনগণ'ৰ দৰে বেচৰকাৰী সংস্থা, অধিবক্তা এম. এল. শৰ্মা আৰু আইনৰ ছাত্ৰ ৷ এই আবেদনকাৰীসকলে জানিবলৈ দিয়া অনুসৰি, ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰা এই আইনখন বৈষম্যমূলক ৷