নেশ্যনেল ডেস্ক,3 জানুৱাৰী : হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ মানালিত অটল সুৰংগৰ দক্ষিণ অংশ আৰু চোলাং নাল্লাৰ মাজত হোৱা প্ৰচণ্ড তুষাৰপাতৰ ফলত 500ৰো অধিক পৰ্যটক আৱদ্ধ হৈ আছে ৷ সম্প্ৰতি পৰ্যটকসকলৰ উদ্ধাৰ অভিযান অব্যাহত থকা বুলি জানিব পৰা গৈছে ৷
মানালিৰ মহকুমা দণ্ডাধীশ ৰমণ ঘাৰাংগীয়ে জনোৱা মতে, যান-জঁটৰ পৰিমাণ হ্ৰাস কৰা আৰু আৱদ্ধ লোকসকলৰ উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে ৷ শনিবাৰে নিশা 8 বজাত উদ্ধাৰকাৰী দল ধুন্দীত উপস্থিত হয় ৷ টেক্সী আৰু 48 টা চীটযুক্ত এখন বাছ কুলাঙলৈ স্থানান্তৰিত কৰা হয় ৷ বৰ্তমানো উদ্ধাৰ অভিযান চলি থকা বুলি উপ সংমণ্ডল বিষয়া গৰাকীয়ে সদৰি কৰে ৷