অসম

assam

ETV Bharat / bharat

23 লাখতকৈও অধিক লোকে ভাৰতত গ্ৰহণ কৰিলে ক'ভিড-19 প্ৰতিষেধক - কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়

23,28,779 গৰাকী লোকে ভাৰতত গ্ৰহণ কৰিলে ক'ভিড-19 প্ৰতিষেধক ৷ বুধবাৰৰ দিনটোত প্ৰতিষেধক গ্ৰহণ কৰিলে 2,99,299 গৰাকী লোকে ৷ 27 জানুৱাৰী পৰ্যন্ত সমগ্ৰ ভাৰতবৰ্ষত মুঠ 41, 599 টা পৰ্যায়ৰ মাজেৰে প্ৰতিষেধক প্ৰদান ৷

over 23 lakhs beneficiaries vaccinated against covid 19
over 23 lakhs beneficiaries vaccinated against covid 19

By

Published : Jan 27, 2021, 10:42 PM IST

নেচনেল ডেস্ক, 27 জানুৱাৰী: ক'ভিড-19 অতিমাৰীক প্ৰতিহত কৰাৰ উদ্দেশ্যে ভাৰতৰ বিভিন্ন প্ৰান্তত ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান অব্যাহত আছে আৰু বুধবাৰৰ আবেলি 6 বজা পৰ্যন্ত সমগ্ৰ দেশত মুঠ 23,28,779 গৰাকী লোকে প্ৰতিষেধক গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ অতিৰিক্ত সচিব মনোহৰ আগনানিয়ে বুধবাৰে এই কথা জানিবলৈ দিয়ে ৷ তেওঁ কয় যে, বুধবাৰৰ দিনটোত প্ৰতিষেধক গ্ৰহণ কৰা মুঠ 2,99,299 গৰাকী লোকৰ সৈতে সমগ্ৰ ভাৰতবৰ্ষত মুঠ 23,28,779 গৰাকী লোকক ক'ভিড-19 প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে 27 জানুৱাৰী পৰ্যন্ত সমগ্ৰ ভাৰতবৰ্ষত মুঠ 41, 599 টা পৰ্যায়ৰ মাজেৰে প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷

এক সংবাদমেল সম্বোধন কৰি আগনানিয়ে কয়, "বৰ্তমানলৈকে 16 গৰাকী ব্যক্তিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পৰিৱৰ্তে 9 গৰাকী ব্যক্তিৰ মৃত্যুৰ খবৰ পোৱা গৈছে ৷ অৱশ্যে এই সকলৰ কোনো গৰাকীৰে মৃত্যুৰ সৈতে ক'ভিড-19 প্ৰতিষেধক প্ৰদানৰ কোনো সম্পৰ্ক নাই ৷ "

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে বুধবাৰৰ আবেলি 6 বজালৈকে দিল্লীত মুঠ 6,441 গৰাকী প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ জানিব পৰা মতে ভাৰতত এতিয়ালৈকে ক'ভিড-19 ত আক্ৰান্তৰ মুঠ সংখ্যাই 1,06,89,527 ৰ ঘৰ অতিক্ৰম কৰিছে ৷ ইয়াৰে 1,74,498 গৰাকী এতিয়াও ক'ভিডত আক্ৰান্ত হৈ থকাৰ পৰিৱৰ্তে 1,03,59,305 লোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷

লগতে পঢ়ক:28 জানুৱাৰীত 'বিশ্ব অৰ্থনীতি ফ'ৰাম'ৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী

ABOUT THE AUTHOR

...view details