অসম

assam

ETV Bharat / bharat

চলিত বৰ্ষত 2,050 বাৰ যুদ্ধবিৰতি ভংগ কৰিছে পাকিস্তানেঃ বৈদেশিক মন্ত্ৰালয় - বৈদেশিক মন্ত্ৰালয়

নিয়ন্ত্ৰণৰেখাত যুদ্ধবিৰতি ভংগ হোৱাটো ভাৰতৰ বাবে কোনো নতুন কথা নহয় ৷ কিন্তু চলিত বৰ্ষত পাকিস্তানৰ দ্বাৰা সংঘটিত হোৱা যুদ্ধবিৰতি উংলঘনে ভাৰত চৰকাৰক চৰকাৰী বিজ্ঞপ্তি প্ৰদান কৰিবলৈ বাধ্য কৰি তুলিছে ৷ শনিবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে পাকিস্তানৰ দ্বাৰা সংঘটিত হোৱা যুদ্ধবিৰতি ভংগৰ উদ্বেগজনক তথ্য ৷

চলিত বৰ্ষত 2,050 বাৰ যুদ্ধবিৰতি ভংগ কৰিছে পাকিস্তানেঃ বৈদেশিক মন্ত্ৰালয়

By

Published : Sep 15, 2019, 8:41 PM IST

নিউজ ডেস্ক, 15 চেপ্তেম্বৰঃ ভাৰত-পাকিস্তানৰ মাজত থকা সীমা যাক নিয়ন্ত্ৰণৰেখা (LoC) বুলি কোৱা হয়, তাত যুদ্ধবিৰতি ভংগ কোনো নতুন কথা নহয় ৷ প্ৰতিনিয়ত দুয়োপক্ষৰ মাজত গুলিয়াগুলি সংঘটিত হৈয়ে থাকে ৷ ভাৰতীয় সেনাৰ তৰফৰ পৰা এয়া সম্ভৱ নহয় যদিও পাকিস্তানৰ ছায়া যুদ্ধনীতিক বাধা দিবলৈ বাৰে বাৰে উলংঘন কৰিবলগীয়া হয় যুদ্ধবিৰতি চুক্তি ৷

চলিত বৰ্ষত পাকিস্তানী সেনাৰ দ্বাৰা সংঘটিত যুদ্ধবিৰতি উলংঘনৰ ঘটনাই সীমা চেৰাই গৈছে ৷ কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰালয়ে শনিবাৰে যুদ্ধবিৰতি ভংগক লৈ প্ৰকাশ কৰিছে বিশেষ তথ্য ৷ কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰভীছ কুমাৰে কয় যে, ভাৰতে পাকিস্তানক 2003 চনৰ যুদ্ধবিৰতি চুক্তিৰ আঁৰত শান্তি আৰু সৌহাদ্য বঢ়াই তুলিবলৈ বাৰে বাৰে অনুৰোধ কৰি আহিছে ৷ কিন্তু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লগতে নিয়ন্ত্ৰণৰেখাত পাকিস্তানে যুদ্ধবিৰতি চুক্তি উলংঘন কৰি আহিছে ৷ চলিত বৰ্ষত বৰ্তমানলৈ 2050 বাৰ যুদ্ধবিৰতি উলংঘন কৰিছে পাকিস্তানে ৷ পাকিস্তানৰ দ্বাৰা সংঘটিত যুদ্ধবিৰতি উলংঘনত 21 গৰাকী ভাৰতীয় নিহত হৈছে ৷

উল্লেখ্য যে, ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্ক সদায়ে তিক্ততাপূৰ্ণ পৰিস্থিতিৰে বৰ্তি আহিছে ৷ পাকিস্তানী সেনাৰ তৰফৰ পৰা বাৰে বাৰে ভাৰতীয় সেনা তথা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিকটৱৰ্তী অঞ্চলত গোলাবৰ্ষণ তথা ভাৰতীয় নিৰীক্ষণ চকীৰ ওপৰত গুলিবৰ্ষণৰ ঘটনা সংঘটিত হৈ আহিছে ৷

ABOUT THE AUTHOR

...view details