নিউজ ডেস্ক, ৯ জুলাইঃ ৰাজধানী দিল্লীত বুধবাৰলৈকে প্ৰতি ১০ লাখ লোকৰ ভিতৰত ৩৫,৭৮০ গৰাকীকৈ লোকৰ কোভিড-১৯ৰ পৰীক্ষা কৰা হৈছে । যাৰ ফলত ৰাজধানী চহৰখনত ৭২ শতাংশলৈ বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছ মহামাৰীৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বৃহস্পতিবাৰে এই কথা উল্লেখ কৰাৰ লগতে বিগত ৩০ দিনত এই মহামাৰীৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ দুগুণ হৈছে বুলি প্ৰকাশ কৰে।
৮ জুলাইলৈকে দিল্লীত মুঠ ৬,৭৯,৮৩১ গৰাকী লোকৰ কোভিড-১৯ পৰীক্ষা কৰা হৈছে। প্ৰতিদিনে প্ৰায় ২০,০০০ লোকৰ এই পৰীক্ষা কৰা হয় । আজি এক সংবাদমেল সম্বোধন কৰি এই তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব পুণ্য চালিলা শ্ৰীবাস্তৱে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিবগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ৰাজধানী দিল্লীত সম্প্ৰতি ২৩,৪৫২ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে । চহৰখনত এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে কেইবাখনো উচ্চস্তৰীয় বৈঠকত মিলিত হৈছে কেন্দ্ৰীয় গৃহ বিভাগে । পৰ্যালোচনা বৈঠকত কোভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছিল বুলি প্ৰকাশ কৰে পুণ্য চালিলা শ্ৰীবাস্তৱে।