নেশ্যনেল ডেস্ক, 31 আগষ্ট:দেওবাৰে ওড়িশাৰ ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ওড়িশাত বানৰ কবলত পৰি বৰ্তমানলৈ 17 গৰাকী লোকে মৃত্যুক সাৱটি লোৱাৰ লগতে, 20 জিলাৰ 14 লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হৈছে ৷
বিশেষ সাহায্য আয়ুক্তই জনোৱা অনুসৰি, ৰাজ্যখনত মুঠ 112 টা ব্লকৰ 896 খন গাঁও পঞ্চায়ত, 3,256 খন গাঁৱৰ লগতে 21 নগৰৰ 75 ৱাৰ্ড প্লাৱিত হৈছে ৷ ৰাজ্যখনত বানৰ প্ৰভাৱত 10,382 টা বাসস্থান ক্ষতিগ্ৰস্ত হোৱাৰ ওপৰিও, 1,68,904 হেক্টৰ শস্য বিনস্ত হয় ৷