অসম

assam

ETV Bharat / bharat

পাঁচ বছৰৰ অন্তত চিলকা হ্ৰদলৈ আগমণ 11 লাখ পক্ষীৰ - পাঁচ বছৰৰ বিৰতিৰ অন্তত চিলকা হ্ৰদলৈ আগমণ 11 লাখ পক্ষীৰ

পক্ষীকুল প্ৰেমীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে উৰিষ্যাস্থিত চিলকা হ্ৰদে ৷ প্ৰায় পাঁচ বছৰৰ বিৰতিৰ অন্তত হ্ৰদটোলৈ 11 লাখৰো অধিক পৰিভ্ৰমী চৰাইৰ আগমণ ঘটিছে বুলি প্ৰকাশ কৰিছে পক্ষী বিজ্ঞানীসকলে ৷

উৰিষ্যাস্থিত চিলকা হ্ৰদ
চিলকা হ্ৰদলৈ আগমণ 11 লাখ পক্ষীৰ

By

Published : Jan 7, 2020, 10:03 PM IST

নেশ্বনেল ডেস্ক, 7 জানুৱাৰীঃ প্ৰখ্যাত চিলকা হ্ৰদলৈ বৃহৎ হাৰে আগমণ ঘটিছে পৰিভ্ৰমী চৰাইৰ ৷ চলিত বৰ্ষত হ্ৰদটোলৈ প্ৰায় 11,05,040 পৰিভ্ৰমী পক্ষীৰ আগমণ ঘটিছে যিটো পূৰ্বৱৰ্তী বৰ্ষৰ তুলনাত 57,000 অধিক ৷ এই কথা প্ৰকাশ কৰিছে চিলকা হ্ৰদৰ দায়িত্বত থকা বনাঞ্চলিক বিষয়া অলক ৰঞ্জন হোটাই ৷

বনাঞ্চলিক বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি,1,100 বৰ্গ কিলোমিটাৰ এলেকাত থকা হ্ৰদ পৰিসৰৰ ভিতৰত চলোৱা জৰীপত 184 টা প্ৰজাতিৰ 11,05,040 চৰাইৰ গণনা সম্পন্ন হৈছে ৷ ইয়াৰ ভিতৰত 109 টা প্ৰজাতিৰ 10,71,477 পানীত থকা চৰাই আৰু 75টা প্ৰজাতিৰ 33,563 বামত থকা চৰাইৰ তথ্য পোৱা গৈছে ৷

চলিত বৰ্ষত হ্ৰদটোত পোৱা 102টা প্ৰজাতিৰ 4,06,308টা চৰাই ইয়াৰ ভিতৰত থকা নালাবানা দ্বীপটোত পোৱা গৈছিল ৷ 15.59 বৰ্গ কিলোমিটাৰ অঞ্চলব্যাপী থকা দ্বীপটোক ইতিমধ্যে চৰাই অভয়াৰণ্য ঘোষণা কৰা হৈছে ৷ নালাবানাৰ পিচতে পৰিভ্ৰমী চৰাইসমূহ দ্বিতীয় পচন্দ হৈছে, মংগলজোৰী, য'ত 2,42,660 টা চৰাই পোৱা গৈছে ৷ হ্ৰদটোত পোৱা চৰাইসমূহৰ ভিতৰত 2,05,883টা গাডৱাল (Gadwall), 1,82,177টা নৰ্থান পিনটেইল (Northern Pintail) আৰু 1,43,418টা ইউৰাছিয়ান বিল (Eurasian bill) চৰাইৰ সংখ্যাই সৰ্বাধিক আছিল ৷

বিগত বৰ্ষত ৰাজ্যখনক জোকাৰি যোৱা ঘূৰ্ণীবতাহ ফেনীৰ প্ৰভাৱে এইসমূহ চৰাইৰ যাত্ৰাত কোনো প্ৰভাৱ পেলাব সক্ষম হোৱা নাই ৷ হ্ৰদ কৰ্তৃপক্ষই গ্ৰহণ কৰা সুৰক্ষাজনিত ব্যৱস্থাৰ বাবে এইদৰে পাঁচ বছৰৰ ভিতৰত হ্ৰদটোলৈ এইদৰে বৃহৎ হাৰে আগমণ ঘটিছে পৰিভ্ৰমী চৰাইৰ ৷ বিগত শীতকালত হ্ৰদটোলৈ আগমণ ঘটিছিল161টা প্ৰজাতিৰ 10,47,868 টা চৰাই,যাৰ ভিতৰত 10,21,563টা পানীত থকা আৰু 26,405 টা বামত থকা চৰাই আছিল ৷

উল্লেখ্য যে, শীতকালত কাছপিয়ান সাগৰ, বৈকাল হ্ৰদ, ৰাছিয়া, মধ্য আৰু দক্ষিণ-পূব এছিয়া, লাডাখ আৰু হিমালয়ৰ পৰা এইদৰে বৃহৎ হাৰে পৰিভ্ৰমী চৰাইৰ চিলকা হ্ৰদলৈ আগমণ ঘটে ৷

আৰু পঢ়ক : JNU হিংসা : আক্ৰমণকাৰীৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ অভিযোগ অৱেইছিৰ

ABOUT THE AUTHOR

...view details