মহাৰাষ্ট্ৰ, ১ জুন:COVID-19ৰ বিৰুদ্ধে চলি থকা যুঁজখন মহাৰাষ্ট্ৰৰ চিকিৎসকসকলক সহায়ৰ বাবে শীঘ্ৰে ৰাজ্যখনত উপস্থিত হ'ব কেৰালাৰ শতাধিক চিকিৎসকৰ এটা দল। সোমবাৰে কেৰালাৰ ১৬ জনীয়া চিকিৎসকৰ এটা দল উপস্থিত হ'ব মহাৰাষ্ট্ৰত । তিৰুৱন্তপুৰম মেডিকেল হাস্পতালৰ উপ অধীক্ষক সন্তোষ কুমাৰে প্ৰকাশ কৰে এই কথা ।
চিকিৎসকৰ দলটোৱে অন্ধেৰীস্থিত ছেভেন হিলছ হাস্পতালত চিকিৎসা প্ৰদান কৰিব । এই হাস্পতালখন চিকিৎসা কৰ্মীৰ বাবে সুৰক্ষিত আৰু সুসজ্জিত । তিৰুৱন্তপুৰম মেডিকেল হাস্পতালৰ উপ অধীক্ষক সন্তোষ কুমাৰে প্ৰকাশ কৰা মতে বৰ্তমান কেৰালাৰ ৫০ জন চিকিৎসক আৰু ১০০ গৰাকী নাৰ্চে মহাৰাষ্ট্ৰত উপস্থিত হৈ চিকিৎসা প্ৰদান কৰিব ।