নিউজ ডেস্ক, 10 অক্টোবৰ: শনিবাৰে দুখন ভি ভি আই পি বিমান ক্ৰয় কৰাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী । তেওঁ কয় যে,সেনা বাহিনীক বুলেটপ্ৰুফ নোহোৱা ট্ৰাকত পঠিয়াই শ্বহীদ কৰিছে । ইফালে প্ৰধান মন্ত্ৰীৰ বাবে চৰকাৰে আঠ হাজাৰ চাৰিশ কোটি টকীয়া বিমান ক্ৰয় কৰিছে ।
তাৰোপৰি বুলেটপ্ৰুফ নোহোৱা ট্ৰাকত কৰ্তব্য পালন কৰোতে আমাৰ জোৱানসকল দেশৰ বাবে শ্বহীদ হৈ আছে যদিও প্ৰধান মন্ত্ৰীৰ বাবে আঠ হাজাৰ চাৰিশ কোটি টকীয়া বিমান ক্ৰয় কৰাতো সেয়া কিমান দূৰ ন্যায় বিচাৰ হৈছে বুলি টুইট যোগে সদৰি কৰে ৰাহুল গান্ধীয়ে।