আমেৰিকাক ভয় খোৱা ভাৰতৰ সংগ ত্যাগ কৰি ইৰানে অকলে চাবাহাৰ বন্দৰৰ পৰা জাহেদনলৈ এক গুৰুত্বপূৰ্ণ ৰে’ল লিংক নিৰ্মাণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত এটা ৰাতিতে হোৱা ঘটনা নহয় । এই ঘটনাক্ৰম লাহে লাহে আৰম্ভ হৈছিল ।
আই আৰ চি অ’ এন নামৰ এক ভাৰতীয় ৰে’ল কোম্পানীয়ে এই প্ৰকল্পৰ আগতীয়া প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল । ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তেহৰান ভ্ৰমণ কালত স্বাক্ষৰিত ভাৰত,ইৰান আৰু আফাগনিস্তানৰ মাজত ত্ৰিপাক্ষিক যোগাযোগ চুক্তিক ই যথাৰ্থতা প্ৰদান কৰিলেহেতেন । ইৰানৰ দক্ষিণ-পূব প্ৰান্তত থকা অমান সাগৰৰ চাবাহাৰ বন্দৰটো এই যোগাযোগ ব্যৱস্থাৰ কেন্দ্ৰ হৈ পৰিলেহেতেন ।
গতিকে তেহৰানে যেতিয়া কয় যে ইৰানে ভাৰতৰ লগত ৰে’ল লাইন নিৰ্মাণ কৰাৰ বাবে চুক্তিত স্বাক্ষৰ কৰা নাছিল সেয়া তেওঁলোকৰ ভুল নহয়। ভাৰতে ইচ্ছা ব্যক্ত কৰিছিল যদিও প্ৰকৃততে ৰে’ল লাইন নিৰ্মাণৰ বাবে আগবঢ়া নাছিল । ভাৰতীয় ৰে’লৱে নিৰ্মাণকাৰী প্ৰতিষ্ঠান আই আৰ চি অ’ এনে মাত্ৰ প্ৰকল্পটোৰ গ্ৰহণযোগ্যতাৰ ওপৰত অধ্যয়ন চলাইছিল আৰু বাকী অংশৰ কাম আছিল ১৫০ মিলিয়ন ডলাৰ ধন দেখুওৱা আৰু কামত আগবঢ়াৰ লগত জড়িত । চাবাহাৰ বন্দৰৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত ৰে’লপথটোৰ বাবে ভাৰতে ধন আবণ্টন দিয়া নাছিল কিয় ? ইয়াৰ লগত কিছু কাৰণ আৰু তত্বৰ লগতে ইৰানৰ এক অভিযোগো জড়িত আছে । ইৰানে অভিযোগ কৰা অনুসৰি ভাৰতৰ দৰে বিশাল ৰাষ্ট্ৰ এখনে কূটনৈতিক স্বাধীনতা দেখুৱাবলৈ সক্ষম হোৱা নাই আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰত ভিত্তি কৰিহে আগবাঢ়িছে । তাৰ সলনি ভাৰতে আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰা বুলি অভিযোগ উত্থাপন হৈছে । যদিও চাবাহাৰ প্ৰকল্পটোৱে আফগানিস্তানৰ ব্যৱসায়ৰ উন্নতিত সহায় কৰাৰ লগতে অত্যন্ত জটিল আৰু দূৰত অৱস্থিত কৰাচী বন্দৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পোৱাৰ আশাৰে ৱাশ্বিংটনে অনুমতি দিছিল, তথাপি প্ৰকল্পটোত ধন আৱণ্টনৰ বাবে ভাৰতে ধীৰ গতিৰে আগবঢ়াৰ সম্ভাব্য কাৰণ হিচাপে আমেৰিকাই চমন জাৰি কৰাৰ ভয় থকা বুলি ক’ব পাৰি । অৱশ্যে শেহতীয়াকৈ পাকিস্তান চৰকাৰে কাবুলক ৱাঘা সীমান্তলৈ সামগ্ৰী সৰবৰাহ কৰাৰ বাবে অনুমোদন দিছে । ইয়াৰ মাজতে ভাৰতে অত্যধিক ভয় খোৱা বুলি কোৱা হয় ।
কিন্তু প্ৰকৃত কাৰণ বেলেগ । সংবিধানৰ ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ আৰু যিদৰে জম্মু কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা বাতিল কৰি কেন্দ্ৰীয়শাসিত অঞ্চলৰ স্বীকৃতি দিয়া হয় সেই বিষয়ত ইৰানে কৰা প্ৰচণ্ড বিৰোধিতাৰ ফল স্বৰূপে ভাৰতে দেশখনৰ সৈতে দূৰত্বত অৱস্থান কৰি আহিছে । ভাৰত চৰকাৰে অসামৰিক স্বাধীনতাক মষিমূৰ কৰা বুলি ইৰানৰ নেতৃবৃন্দই সমালোচনা কৰি আহিছে । এই বিষয়টোৱে ইছলামিক বিশ্বত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে । পৰৱৰ্তী সময়ত ইৰানৰ শীৰ্ষ নেতা আয়াতোল্লা খামেনীয়ে ভাৰতৰ নাগৰিকত্ব সংশোধনী আইনক মুছলমান বিৰোধী বুলি সমালোচনা কৰিছিল । দিল্লীৰ হিংসাত্মক ঘটনাকো ইৰানীসকলে তীব্ৰভাৱে সমালোচনা কৰিছিল ।
কাশ্মীৰক ইৰানীসকলে “চাগীৰ-ই-ইৰান” বা ক্ষুদ্ৰ ইৰান বুলি কয় । সেয়ে তেওঁলোকৰ বাবে কাশ্মীৰ গুৰুত্বপূৰ্ণ । ভাৰত আৰু পাকিস্তানৰ মাজত থকা শত্ৰুতাৰ বাবে এখন অস্থিৰ কাশ্মীৰৰ সৃষ্টি হোৱা বুলি তেওঁলোকে ভাবে । ইৰানে কূটনৈতিক হস্তক্ষেপৰ প্ৰস্তাৱ দিয়াৰ লগতে ভাৰতক চাবাহাৰত গুৰুত্বপূৰ্ণ স্থান প্ৰদান কৰিছিল । চাবাহাৰ চিচটান বেলুচিস্তান প্ৰদেশত অৱস্থিত । ইয়াৰ জৰিয়তে ভাৰতে পাকিস্তানৰ সৈতে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হোৱাত সুবিধা হ’লহেঁতেন ।