গুৱাহাটী, 18 ফেব্ৰুৱাৰী :ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণ তথা এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে আছাম পাব্লিক ৱৰ্কছে ৷ নতুন দিল্লীত ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই ৷ ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কামত ব্য়ৱহাৰ কৰা ছফটৱেৰটো ইমানখিনি তথ্য মজুত ৰখাৰ বাবে সক্ষম হয় নে নহয় সেয়াও সন্দেহাতীত আৰু ইয়াৰ বাবে তৃতীয় পক্ষৰ তথ্য প্ৰযুক্তি বিশেষজ্ঞৰ দ্বাৰা ইয়াক পৰীক্ষণ কৰা হৈছিল নে নাই সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে অভিজিৎ শৰ্মাই ৷
ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত অভিজিৎ শৰ্মাই কোৱা অনুসৰি, 'বৰ্তমানলৈকে আছাম পাব্লিক ৱৰ্কছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ বাবে ছখনকৈ এফিডেভিটছ দাখিল কৰিছে ৷ দুটাকৈ গোচৰৰ ৰায়দান হোৱাৰ পিচতহে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পূৰ্ণ কৰিবলৈ ইতিমধ্যে উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিছে ৷ আমি তেতিয়ালৈকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম বন্ধ ৰাখিবলৈ উচ্চতম ন্য়ায়ালয়ক অনুৰোধ কৰিছো ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত সংঘটিত হোৱা দুষ্কাৰ্যৰ পিচত থকাসকলক চিনাক্ত কৰি উলিয়াবলৈ চিবিআই, নিয়া অথবা ইডিৰ নেতৃত্বত গঠিত এখন উচ্চ পৰ্যায়ৰ তদন্ত কমিটীৰ দাবী কৰিছো ৷' ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কামত জড়িত থকা আইটি কোম্পানীৰ লগতে ৰাজ্যিক সমন্বয়ক দুৰ্নীতিত লিপ্ত বুলি অভিযোগ উত্থাপন কৰে আছাম পাব্লিক ৱৰ্কছে ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চৰকাৰী ৱেবচাইটৰ পৰা তথ্যসমূহ অফলাইন হৈ যোৱা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বদলিকৰণৰ বিষয়ে এতিয়াও তথ্য আপদেট কৰা নাই বুলি কয় অভিজিৎ শৰ্মাই ৷ আইটি ফাৰ্ম ৱিপ্ৰোৰ সৈতে থকা চুক্তি পুনৰনৱীকৰণ নকৰাৰ ফলত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সকলো তথ্য ইয়াৰ চৰকাৰী ৱেবচাইটৰ পৰা অফলাইন কৰি দিয়া হৈছে ৷