নেশ্বনেল ডেস্ক, 14 জানুৱাৰীঃ সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টিয়ে নাগৰিকত্ব সংশোধনী আইন, 2019 বলৱৎ কৰা বাবে আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ লগতে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীকৰণৰ বিৰোধিতা কৰিবলৈ বিৰোধী দলে গণতন্ত্ৰ দিৱসৰ দিনা সমগ্ৰ দেশতে সংবিধানৰ প্ৰস্তাৱনাখন পঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ বিৰোধী দলসমূহে সোমবাৰে নতুন দিল্লীত এক বৈঠকত মিলিত হয় এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ যি কেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে তেওঁলোকৰ ৰাজ্যত ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীকৰণৰ প্ৰক্ৰিয়া স্থগিত কৰিব বিচাৰে আৰু নাগৰিকত্ব সংশোধনী আইন, 2019 আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰোধিতা কৰে তেওঁলোক এই বৈঠকত উপস্থিত আছিল ৷
ইয়াৰোপৰি বিৰোধী দল সমূহে 23 জানুৱাৰীত, নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনৰ দিনা 'জয় হিন্দ দে' পালন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ বৈঠকখনত গ্ৰহণ কৰাৰ প্ৰস্তাৱ অনুসৰি বসুৰ নেতৃত্বত ভাৰতীয় জাতীয় সেনাৰ দ্বাৰা নিৰ্মিত শ্ল'গানটো সমগ্ৰ ভাৰতবাসীৰ বাবে এক নিয়মিত শুভেচ্ছা হৈ উঠিছে-"জয় হিন্দ"৷ 1946-46ৰ কঠিন সময়ছোৱাত লালকিল্লাৰ সন্মুখত ভাৰতীয় জাতীয় সেনাই দিয়া "চেহগাল, ধিল্ল'ন, শ্বাহনাৱাজ" শ্ল'গানে ভাৰতীয়সকলৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছিল ৷ উল্লেখ্য যে 30 জানুৱাৰীত মহাত্মা গান্ধীৰ মৃত্যুৰ দিৱসৰ দিনা সংবিধানৰ প্ৰস্তাৱনাখন পাঠ কৰা হ'ব ৷