নেশ্যনেল ডেস্ক, 23 ছেপ্তেম্বৰ :বিতৰ্কিত কৃষি বিধেয়কৰ বিৰুদ্ধে সংসদত প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে আজি বিয়লি 5 বজাত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক সাক্ষাৎ কৰিব বিৰোধী দলে ৷ বিৰোধী দলে এই বিধেয়ক সন্দৰ্ভত সংসদ বৰ্জন কৰাৰ এদিন পাচতে এই বৈঠকৰ আয়োজন কৰা হৈছে ৷ কৰ'ণা ভাইৰাছৰ বাবে কেৱল 5 গৰাকী বিৰোধী নেতাক ৰাষ্ট্ৰপতি কোবিন্দৰ সৈতে মিলিত হোৱাৰ অনুমতি প্ৰদান কৰা হৈছে ৷
বিতৰ্কিত কৃষি বিধেয়কৰ বিৰোধিতা বিৰোধী নেতাৰ উল্লেখ্য যে, কৃষি খণ্ডৰ সৈতে জড়িত তিনিখন বিধেয়ক আৰু দেওবাৰে ’উশৃংখল ব্যৱহাৰ'ৰ বাবে 8 জনকৈ সাংসদক বহিস্কাৰ কৰাৰ বিৰুদ্ধে মঙলবাৰে বিৰোধী দলৰ নেতৃত্বই সংসদ বৰ্জন কৰিছিল ৷
বিতৰ্কিত কৃষি বিধেয়কৰ বিৰোধিতা বিৰোধী নেতাৰ 8 জনকৈ সাংসদক বহিস্কাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে সাংবাদিকক কয়, "নিলম্বিত সাংসদসকলে নিজৰ ব্যৱহাৰৰ বাবে ক্ষমা খুজিলেহে আমি তেওঁলোকৰ নিলম্বন উঠাই ল'ম ৷"
আনহাতে, বুধবাৰৰ দিনটোতে বিৰোধী দলসমূহে একত্ৰিত হৈ সংসদ চৌহদতে কৃষি বিধেয়কৰ বিৰোধিতা কৰে ৷ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেতা গুলাম নবী আজাদ, টিএমচিৰ ডেৰেক অ' ব্ৰায়ান, এনচিপিৰ প্ৰফুল পেটেল আদিয়ে ৷ বিৰোধী নেতাসকলৰ হাতে হাতে 'কৃষকক সুৰক্ষিত কৰক', 'কৃষকক সুৰক্ষিত কৰক, শ্ৰমিকক সুৰক্ষিত কৰক, গণতন্ত্ৰক সুৰক্ষিত কৰক' আদি প্লেকাৰ্ড পৰিলক্ষিত হয় ৷
লগতে পঢ়ক :মহাৰাষ্ট্ৰৰ ভিৱাণ্ডীত মৃতকৰ সংখ্যা 39 লৈ বৃদ্ধি