অসম

assam

By

Published : Feb 8, 2020, 5:23 PM IST

ETV Bharat / bharat

নগা শান্তি চুক্তি : ৰাজ্য চৰকাৰক স্থিতি স্পষ্ট কৰাৰ দাবী বিৰোধী দলৰ

নগা চুক্তি সম্পৰ্কত ৰাইজক সঠিক তথ্য প্ৰদানৰ দাবী জনাইছে বিৰোধী NPF দলে ৷ ৰাইজক ভুল পথে পৰিচালিত নকৰিবলৈ দাবী জনাই বিৰোধী দলটোৱে ৷

ৰাজ্য চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ দাবী
নগা শান্তি চুক্তি সম্পৰ্কত NPF ৰ দাবী

নেশ্যনেল ডেস্ক, 8 ফেব্ৰুৱাৰী : নাগালেণ্ড পিপলছ ফ্ৰন্টে (NPF) শাসনাধীষ্ঠ পিপলছ ডেম'ক্ৰেটিক এলায়েন্স (PDA) দলক নগা শান্তি চুক্তি সম্পৰ্কত সঠিক তথ্য প্ৰদানৰ দাবী জনাইছে ৷ বৰ্তমানৰ স্থিতি সম্পৰ্কত ৰাইজক ভুল পথেৰে পৰিচালিত নকৰিবলৈ ৰাজ্য চৰকাৰৰ দাবী জনায় NPFয়ে ৷ ৰাজ্যপালৰ ভাষণৰ ওপৰত সদনত ধন্যবাদসূচক প্ৰস্তাৱত অংশগ্ৰহণ কৰি NPFৰ বিধায়ক ইমকং এল. ইমচেনে কয় যে, কেন্দ্ৰ আৰু নগা ৰাজনৈতিক দলৰ মাজত হোৱা শান্তি চুক্তিক লৈ ৰাজ্য চৰকাৰে বিভ্ৰান্তি সৃষ্টি কৰিছে ৷

তেওঁ লগতে কয়, "ৰাজ্যপাল আৰ. এন. ৰবিয়ে সদস্যসকলৰ সৈতে আলোচনাচক্ৰত সংঘাতমূলক মন্তব্য আগবঢ়াইছে ৷ এফালে যদি আলোচনা শেষ হোৱা বুলি কৈছে তেন্তে আনফালে আলোচনাৰ সফল সামৰণিৰ বাবে সকলোৰে সমৰ্থন বিচাৰিছে ৷" এই আলোচনাৰ অন্ত পৰিল নে নাই সেই সম্পৰ্কে ৰাজ্য চৰকাৰক সঠিক তথ্য প্ৰদানৰ দাবী জনায় ইমচেনে ৷ NPFৰ বিধায়ক ৱাই. ভিকেহু শ্বু, চতিচোহ ছাজো আৰু কুজলুজো নিয়েনুয়ে এই দাবী কৰাৰ সময়ত ইমচেনক সমৰ্থন জনায় ৷

এই সম্পৰ্কত শ্বুয়ে কয় যে, আলোচনাৰ চূড়ান্ত সিদ্ধান্ত তথা কেন্দ্ৰই কেনেদৰে সকলোবোৰ পৰিচালনা কৰিব বিচাৰে এই সকলোবোৰ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব ৷ তেওঁ লগতে কয় যে, এই সম্পৰ্কত চুবুৰীয়া ৰাজ্যসমূহৰ পৰা কোনো সহাঁৰি নোপোৱা বাবে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই বুলি অজুহাত দিব নালাগে ৷ ছাজোয়ে কয় যে, আলোচনা চক্ৰৰ সৈতে জড়িত গোটসমূহে সমাজৰ সকলো ক্ষেত্ৰৰে লোকক এই প্ৰক্ৰিয়াত স্থান প্ৰদান কৰিব লাগে ৷ ইয়াৰ ফলত ভৱিষ্যতে কোনো লোকে অসন্তুষ্টি প্ৰদৰ্শন কৰিব নোৱাৰিব ৷

বিধায়ক নিয়েনুয়ে কয়, "ৰাজ্যপালৰ বক্তব্যটো বিভ্ৰান্তমূলক যিহেতু দুটা ভিন্ন ভিন্ন বক্তব্য প্ৰদান কৰিছে ৷ সকলোৱে জানে যে নগা শান্তি চুক্তি বৰ্তমানেও অন্তিম পৰ্যায়লৈ যাবলৈ বহু বাকী আছে, কিন্তু ৰাজ্যপালে এই সম্পৰ্কত সঠিত তথ্য প্ৰদান কৰা উচিত ৷"

আৰু পঢ়ক : হায়দৰাবাদত মহিলাক অশালীন ব্যৱহাৰ কৰা 48 জনক চাৰি সপ্তাহত আটক

ABOUT THE AUTHOR

...view details