অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ ৰাজনৈতিক নেতাৰ মুক্তিৰ দাবী বিৰোধী দলৰ - আটকাধীন ৰাজনৈতিক নেতাৰ মুক্তিৰ দাবী

জম্মু-কাশ্মীৰত বন্দীৰ জীৱন কটোৱা ৰাজনৈতিক নেতাক মুকলি কৰাৰ দাবী বিৰোধী দলৰ ৷ আটকাধীন ৰাজনৈতিক নেতাৰ ভিতৰত উল্লেখযোগ্য তিনি প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা, ওমৰ আব্দুল্লা আৰু মেহবুবা মুফ্টী ৷

ৰাজনৈতিক নেতাৰ মুক্তিৰ দাবী
আটকাধীন তিনি প্ৰাক্তন মুখ্যমন্ত্ৰী

By

Published : Mar 9, 2020, 7:08 PM IST

নেশ্যনেল ডেস্ক, 9 মাৰ্চ :জম্মু-কাশ্মীৰত আটক কৰি ৰখা সকলো ৰাজনৈতিক নেতাক শীঘ্ৰেই মুকলি কৰি দিবলৈ সোমবাৰে দাবী জনাইছে আঠ বিৰোধী দলে ৷ এইসকলৰ ভিতৰত অন্যতম হৈছে তিনি প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা, ওমৰ আব্দুল্লা আৰু মেহবুবা মুফ্টী ৷

বিৰোধী দলসমূহে প্ৰকাশ কৰা যুটীয়া প্ৰতিবেদন অনুসৰি, "গণতান্ত্ৰিক দেশত শোষণ বৃদ্ধি পোৱাৰ লগতে মৌলিক অধিকাৰ আৰু নাগৰিকৰ স্বতন্ত্ৰতা খৰ্ব হৈছে ৷ ইয়াৰ ফলত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিবলৈ সাধাৰণ ৰাইজ অসমৰ্থ হোৱাৰ লগতে প্ৰভাৱশালী কন্ঠসমূহক মৌন কৰি ৰখা হৈছে ৷"

উল্লেখ্য যে, 2019 চনৰ আগষ্টৰ পৰা তিনি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ লগতে অন্য ৰাজনৈতিক নেতাসকলক আটক কৰি ৰখা হৈছিল ৷ প্ৰায় সাত মাহ পাৰ হৈ যোৱাৰ পাচতো এই নেতাসকলক প্ৰশাসনে মুকলি কৰি নিদিয়াৰ ফলত ক্ষু্দ্ধ হৈ পৰিছে বিৰোধী দলসমূহ ৷ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ জৰিয়তে বিশেষ ৰাজ্যৰ অধিকাৰ খৰ্ব কৰাৰ পাচতে এই নেতাসকলক আটক কৰা হৈছিল ৷

আৰু পঢ়ক :অনন্তনাগস্থিত সেনাৰ গোদামত বিস্ফোৰণ : দুই শ্ৰমিকৰ মৃত্যু

For All Latest Updates

ABOUT THE AUTHOR

...view details