অসম

assam

By

Published : Oct 31, 2019, 12:45 AM IST

ETV Bharat / bharat

নগা শান্তি আলোচনাত তমসাচ্ছন্ন ডাৱৰৰ ছাঁ

এনএছচিএন(আইএম)এ স্বাধীনতাৰ দাবীৰ পৰা নামি "অংশীদাৰী সাৰ্বভৌমত্ব"ৰ দাবী কৰিছে ৷ যাৰ জৰিয়তে নাগালেণ্ডে ভাৰতৰ অন্য ৰাজ্যতকৈ প্ৰভূত পৰিমাণে ক্ষমতা আৰু স্বায়ত্ত শাসনৰ অধিকাৰ লাভ কৰিব ৷ স্বৰূপতেই সম্প্ৰতি আলোচনাৰ পৰিণতি বা ভাগ্য সন্দিহান হৈ পৰিছে ৷ এই মুহূৰ্তত অস্থায়ী সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি এনএছচিএন(আইএম)ৰ কেডাৰসকলে তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে নাগালেণ্ডৰ ডেজিগনেটেত শিবিৰৰ পৰা ম্যানমাৰ আৰু চীনলৈ স্থানান্তৰ হৈ আন্দোলন চলাই আছে ৷ প্ৰকৃততেই এইক্ষেত্ৰত চীন এক সুবিধাজনক উৎস বুলিয়েই গণ্য হ'ব ৷ শান্তি প্ৰক্ৰিয়াটো এইদৰে ওলমি থাকিলে উদ্ভট পৰিস্থিতিৰ সৃষ্টি হোৱাৰ শংকা অধিক ঘনীভূত হ'ব ৷ নগা সমস্যাৰ এনে অমীমাংসিত পৰিস্থিতিয়ে পুনৰ বিচ্ছিন্নতাবাদৰ সৃষ্টি কৰিব ৷  বিচ্ছিন্নতাবাদৰ বিৰুদ্ধে ৰাষ্ট্ৰই পুনৰ অভিযান চলাব ৷ নগাসকলৰ বাবেই হওঁক বা ভাৰত চৰকাৰৰ বাবেই হওঁক কোনো ধৰণৰ সমাধান বা মিলা-প্ৰীতিৰ দুৱাৰ খোল নাখাব ৷

Opinion piece on Naga talks

সঞ্জীৱ কুমাৰ বৰুৱা

ভাৰত চৰকাৰ আৰু এনএছচিএন(আইএম)ৰ মাজৰ শান্তি আলোচনাৰ সময়সীমা 31 অক্টোবৰলৈ বৃদ্ধি পোৱাৰ উপক্ৰম হোৱাকলৈ এক বিভ্ৰান্তিকৰ জটিলতাৰ সৃষ্টি হৈছে ৷ এই জটিলতাই ভাৰত চৰকাৰ আৰু এনএছচিএন(আইএম)ৰ মাজত সুদীৰ্ঘ 22 বছৰ ধৰি চলি অহা শান্তি আলোচনাৰ প্ৰচেষ্টাক তচনচ কৰি পেলাব পাৰে বুলিও শংকা কৰা হৈছে ৷

যিটো সময়ত ইউৰোপীয়ান ইউনিয়নৰ প্ৰতিনিধিয়ে কাশ্মীৰ পৰিভ্ৰমণ কৰি আছে, জম্মু-কাশ্মীৰৰ বিশেষ অধিকাৰ আইন খৰ্ব কৰাৰ পাচত নাগালেণ্ডক সুকীয়া আইন বা সুকীয়া পতাকা প্ৰদানৰ বিষয়টোও এটা কূটনৈতিক "হাৰা-কিৰি"হে হোৱাৰ সম্ভাৱনা দেখা গৈছে ৷ এই সময়ত ইতিহাস পুনৰাবৃত্তি হোৱাৰ এক অৱধাৰিত বিপন্নতা আহি পৰিছে, কিয়নো 1975 চনত হোৱা চুক্তিৰ পাচতে এনএছচিএন নামৰ এই সশস্ত্ৰ সংগঠনটোৱে জন্ম লাভ কৰিছিল ৷ যিয়ে নগা বিচ্ছিন্নতাবাদী সশস্ত্ৰ আন্দোলনৰ এক নতুন অধ্যায় আৰম্ভ কৰিছিল ৷ 31 অক্টোবৰৰ সময়সীমাৰ ভিতৰত ভাৰত চৰকাৰে মুইভা অবিহনে এনএনপিজি আৰু মুইভাৰ পৰা ফালৰি কাটি অহা এনএছচিএন(আইএম)ৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ এক তীব্ৰ সম্ভাৱনা প্ৰকট হৈছে ৷ এনএনপিজি হৈছে এখন মঞ্চ য'ত কেতবোৰ প্ৰাক্তন নগা বিচ্ছিন্নতাবাদী নেতা আৰু এনএছচিএনৰ পৰা ফালৰি কটা অংশসমূহ একেলগে চামিল হৈছে ৷ এনএনপিজিয়ে পৃথক সংবিধান বা পৃথক পতাকা দাবীৰ চৰ্ত নোহোৱাকৈয়ে আলোচনাত মিলিত হ'বলৈ ইচ্ছুক ৷ যিটো চৰ্ত মুইভা তথা তেওঁৰ অনুগামীসকলে মানি ল'বলৈ মান্তি হোৱা নাই ৷

এনএনপিজিৰ এই ইচ্ছাৰ পৰা প্ৰতিফলিতত হৈছে যে যথেষ্টসংখ্যক নগা লোকে দীৰ্ঘদিনধৰি পীড়িত কৰি অহা এই নগা-বিবাদৰ এক চূড়ান্ত নিষ্পত্তি বিচাৰে ৷ এইচামে ভাৰত ৰাষ্ট্ৰৰ শক্তিৰ বিপৰীতে নগাসকলৰ সশস্ত্ৰ সংগ্ৰামৰ সফলতা সম্ভৱ নহয় বুলি ব্যৱহাৰিক বাস্তৱিকতাক গ্ৰহণ কৰিছে ৷ ফলশ্ৰুতিত সেইজন ব্যক্তিৰ অবিহনেই এক চুক্তি স্বাক্ষৰিত হ'বলৈ গৈ আছে যিয়ে এই আলোচনাৰ বাটকটীয়া আছিল ৷ যুক্তিপূৰ্ণভাৱেই যি নগা বিচ্ছিন্নতাবাদী আন্দোলনৰ প্ৰধান নাম তথা হোতা ৷ কিন্তু ইয়াত ইয়াৰোপৰি লক্ষ্যণীয় যে দুয়ো পক্ষই যদি কঠোৰ আৰু অনমনীয়ভাৱে আলোচনাত মিলিত হয়, তেন্তে যোৱা 22 টা বছৰে হোৱা শান্তি আলোচনাৰ প্ৰক্ৰিয়াৰ প্ৰগতি চাৰখাৰ হৈ যোৱাৰ ভাবুকিৰ সৃষ্টি হ'ব ৷

নগাসকলৰ মাজত প্ৰথমবাৰৰ স্বাধীনতাৰ চেতনা প্ৰকট হৈছিল প্ৰায় 1917 চনত ৷ যেতিয়া ব্ৰিটিছে হাজাৰ সক্ষম নগা যুৱকক প্ৰথম বিশ্বযুদ্ধৰ সময়ত ফ্ৰান্সলৈ লৈ গৈছিল ৷ তাত নগা যুৱকসকলক গৃহ নিৰ্মাণ,সেনাৱাস নিৰ্মাণ আদি কামত খটাইছিল ৷ তদুপৰি, খাল খন্দাবলৈও যুৱকসকলক নিয়োগ কৰা হৈছিল ৷ তেতিয়ালৈকে সীমিত বিশ্ব দৰ্শন আৰু আশ-পাশৰ পৰিবেশৰ সীমিত তথ্য আহৰণ কৰা নগাসকলৰ বাবে সেয়াই আছিল বিশ্ববাসীৰ আগত প্ৰথম বহিঃপ্ৰকাশ ৷ তেওঁলোকৰ নিজস্ব ভূমিত প্ৰাক নাগালেণ্ড কালত অৰুণাচল প্ৰদেশ তথা অসমত বসবাস কৰা ভিন্ন নগা উপজাতিৰে এক ক্ৰমবৰ্দ্ধমান উমৈহতীয়া সংবেদনশীলতা গঢ়ি উঠিছিল ৷

এক নতুনকৈ প্ৰাপ্ত হোৱা একতাৰ চেতনাৰে বিদেশৰ পৰা উভতি আহি নগা যুৱকসকলে 1918 চনত নগা ক্লাব গঠন কৰে ৷ 1929 চনত এই নগা ক্লাবে ছাইমন কমিছনৰ হাতত আত্ম-নিৰ্ধাৰণৰ বাবে অধিকাৰ দাবী কৰি স্মাৰকপত্ৰ প্ৰদান কৰে ৷ ইয়াৰ পাচতে ভুমুকি মাৰিছিল - জা ফিজোই ৷ যিয়ে এই চেতনা বা আন্দোলনক সম্পূৰ্ণ সাৰ্বভৌমত্ব বা পূৰ্ণ স্বাধীনতাৰ প্ৰধান লক্ষ্য হিচাপে লোৱাৰ গতি প্ৰদান কৰিছিল৷ জাপানী সেনাৰ পৰা পোৱা অস্ত্ৰৰ সহজলভ্যতা আৰু চীনৰ সক্ৰিয় সহযোগে ফিজোৰ এই আন্দোলনক যথেষ্ট উৎসাহিত কৰিছিল ৷

এতিয়া যি সময়ত এনএছচিএন(আইএম) সংগঠনটোৱে স্বাধীনতাৰ দাবীৰ পৰা নামি "অংশীদাৰী সাৰ্বভৌমত্ব"ৰ দাবী কৰিছে ৷ যাৰ জৰিয়তে নাগালেণ্ডে ভাৰতৰ অন্য ৰাজ্যতকৈ প্ৰভূত পৰিমাণে ক্ষমতা আৰু স্বায়ত্ত শাসনৰ অধিকাৰ দিব ৷ স্বৰূপতেই সম্প্ৰতি আলোচনাৰ পৰিণতি বা ভাগ্য সন্দিহান হৈ পৰিছে ৷ এই মুহূৰ্তত অস্থায়ী সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি এনএছচিএন(আইএম)ৰ কেডাৰসকলে তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে নাগালেণ্ডৰ ডেজিগনেটেত শিবিৰৰ পৰা ম্যানমাৰ আৰু চীনলৈ স্থানান্তৰ হৈ আন্দোলন চলাই আছে ৷ প্ৰকৃততেই এইক্ষেত্ৰত চীন এক সুবিধাজনক উৎস বুলিয়েই গণ্য হ'ব ৷ শান্তি প্ৰক্ৰিয়াটো এইদৰে ওলমি থাকিলে উদ্ভট পৰিস্থিতিৰ সৃষ্টি হোৱাৰ শংকা অধিক ঘনীভূত হ'ব ৷ নগা সমস্যাৰ এনে অমীমাংসিত পৰিস্থিতিয়ে পুনৰ বিচ্ছিন্নতাবাদৰ সৃষ্টি কৰিব ৷ বিচ্ছিন্নতাবাদৰ বিৰুদ্ধে ৰাষ্ট্ৰই পুনৰ অভিযান চলাব ৷ নগাসকলৰ বাবেই হওঁক বা ভাৰত চৰকাৰৰ বাবেই হওঁক কোনো ধৰণৰ সমাধানৰ বা মিলা-প্ৰীতিৰ দুৱাৰ খোলা নাখাব ৷

এনএছচিএন(আইএম) বা মুইভা অবিহনে শান্তি আলোচনা অৰ্থহীন কাৰণ ইয়েই নগা বিদ্ৰোহৰ মূল ভিত্তি ৷ সম্প্ৰতি আলোচনাৰ গণ্ডীৰ বাহিৰত থকা এনএছচিএন (খাপলাং) গোটৰ সৈতে যদি এনএছচিএন(আইএম) মিলিত হৈ আকৌ আন্দোলন আৰম্ভ কৰে, তেতিয়াহ'লে ই চৰকাৰী দৃষ্টিকোণৰ পৰা নিৰাপত্তাৰ বাবে এক ভয়ংকৰ দুঃস্বপ্ন হৈ পৰিব ৷ ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলৰ বেছিভাগ বিচ্ছিন্নতাবাদী দলেই ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰন্ট অৱ ৱেষ্টাৰ্ণ ছাউথ ইষ্ট এছিয়া (UNLFWSEA)ৰ অধীনত একগোট হোৱাৰ যো-জা চলাইছে ৷ 2015 চনত স্থাপন হোৱা এই সংগঠনটোৱে হাজাৰ হাজাৰ সশস্ত্ৰ যোদ্ধাৰ অনুগত্য লাভ কৰিছে ৷ যিয়ে 60000 বৰ্গ কিলোমিটাৰ আকাৰৰ আৰু 50 কিলোমিটাৰ প্ৰস্থৰ এক দুৰ্গম অঞ্চলত নিজৰ ভেঁটি মজবুত কৰিছে ৷ এই অঞ্চলটো অৰুণাচল প্ৰদেশৰ পৰা মণিপুৰৰ দক্ষিণলৈকে দীঘে 1300 বৰ্গ কিলোমিটাৰ বিস্তৃত বুলি জানিব পৰা গৈছে ৷

গতিকে এইখিনি মুহূৰ্তত আলোচনাৰ চূড়ান্ত সীমা 31 অক্টোবৰৰ পৰা আগলৈ বৰ্দ্ধিত কৰাটোকে বুদ্ধিমানৰ কাম হ'ব বুলি উমান কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details