নিউজ ডেস্ক, 222 জুন :ভাৰতীয় নৌবাহিনীৰ জাহাজ(আইএনএছ) আৰ্যভট্টই 198 গৰাকী পুৰুষ যাত্ৰীসহ মালদ্বীপৰ পৰা তামিলনাডুৰ টুটিক'ৰিণলৈ যাত্ৰা কৰিছে ৷ কৰ'ণা মহামাৰীৰ বাবে এইলোকসকল আবদ্ধ হৈ আছিল বুলি জনাইছে নৌবাহিনীৰ সূত্ৰই ৷ এই প্ৰত্যাৱৰ্তন অপাৰেশ্যন সমূদ্ৰ সেঁতুৰ দ্বিতীয় পৰ্যায় হিচাপে আৰম্ভ কৰা হৈছে ৷ বিদেশত থকা লোকসকলক উদ্ধাৰৰ বাবে নৌবাহিনীয়ে আৰম্ভ কৰিছিল অই অভিযান ৷ মালদ্বীপৰ মালে বন্দৰৰ পৰা আইএনএছ আৰ্যভট্টই 198 গৰাকী যাত্ৰীসহ টুটিক'ৰিণ অভিমুখে যাত্ৰা কৰিছে ৷
অপাৰেশ্যন সমূদ্ৰ সেঁতু : আইএনএছ আৰ্যভট্টৰে মালদ্বীপৰ পৰা ভাৰতলৈ আহিছে 198 গৰাকী লোক - আইএনএছ জলস্ব
অপাৰেশ্যন সমূদ্ৰ সেঁতুৰ দ্বাৰা মালদ্বীপৰ পৰা ভাৰতলৈ প্ৰত্যাৱৰ্তন 198 গৰাকী লোকৰ ৷ আইএনএছ আৰ্যভট্টৰে যাত্ৰা আৰম্ভ কৰিছে যাত্ৰীসকলে ৷
Operation Samudra Setu: INS Airavat leaves Male with 198 Indians
অপাৰেশ্যন সমূদ্ৰ সেঁতুৰ প্ৰথম পৰ্যায়ত 8 ৰ পৰা 12 মে'লৈ আইএনএছ জলস্ব আৰু আইএনএছ মগৰে 698 আৰু 202 গৰাকী লোকক নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰাইছে ৷ যদিও 25 মে'ৰ পৰা দেশীয় বিমান সেৱা ভাৰতত আৰম্ভ কৰা হৈছে, আন্তঃৰাষ্ট্ৰীয় বিমান কিন্তু বৰ্তমানেও মুকলি কৰা হোৱা নাই ৷ ভাৰতত বৰ্তমানলৈ 4.1 লাখ লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় 13,200 গৰাকীৰ মৃত্যু হৈছে ৷
লগতে পঢ়ক :বজাৰ অৰ্থনীতি বিবাদত বিশ্ব বাণিজ্য সংস্থাৰ ওচৰত পৰাজিত চীন