অসম

assam

ETV Bharat / bharat

কোনো বিক্ষিপ্ত ঘটনা ঘটা নাই কাশ্মীৰ উপত্যকাত : গৃহ মন্ত্ৰণালয় - কাশ্মীৰ উপত্যকা

কাশ্মীৰ উপত্যকাত কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৷ সৰু-সুৰা দুই এক প্ৰতিবাদৰ বাহিৰে কোনো ডাঙৰ প্ৰতিবাদ হোৱা নাই ৷

কোনো বিক্ষিপ্ত ঘটনা ঘটা নাই কাশ্মীৰ উপত্যকাত : গৃহ মন্ত্ৰণালয়

By

Published : Aug 10, 2019, 6:13 PM IST

নেশ্বনেল ডেস্ক, 10আগষ্ট : শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কাশ্মীৰ উপত্যকাত কোনো বিক্ষিপ্ত ঘটনা ঘটা নাই বুলি স্পষ্টীকৰণ প্ৰদান কৰিছে ৷ সৰু সৰু দলৰ বাহিৰে অন্য কোনো সংগঠনে প্ৰতিবাদ কৰা নাই বুলি মন্ত্ৰণালয়ে জানিবলৈ দিয়ে ৷ মন্ত্ৰণালয়ৰ এজন মুখপাত্ৰই মন্তব্য কৰা অনুসৰি, শ্ৰীনগৰ - বাৰামুল্লা অঞ্চলত প্ৰায় 20-25 জনীয়া সৰু সৰু দলৰ বাহিৰে অন্য কোনো সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা নাই ৷ ইয়াৰোপৰি, 10,000 জনীয়া এটা দলে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰি 'ভুল আৰু অসত্য' বুলি দাবী কৰে মুখপাত্ৰ গৰাকীয়ে ৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়

উল্লেখ্য যে, সংবিধানৰ 370 অনুচ্ছেদ বাতিলকৰণ আৰু জম্মু - কাশ্মীৰক দুখনকৈ কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ ঘোষণা কৰাৰ পাছতে ৰাজ্যখনত অশান্তিয়ে গা কৰি উঠাৰ আশংকা কৰা হৈছিল ৷ আনহাতে, এই বৰ্ষৰে 31 অক্টোবৰৰ পৰা দুই নতুন কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৃষ্টি হ'ব ৷

ABOUT THE AUTHOR

...view details