অসম

assam

ETV Bharat / bharat

আৰম্ভ হ'ল অমৰনাথ যাত্ৰাৰ অনলাইন পঞ্জীয়ন - ETV BHARAT ]

যাত্ৰাৰ নতুন পদক্ষেপ হিচাপে যাত্ৰাৰ পাৰমিট আবেদন পত্ৰত কিউ আৰ ক'ড অন্তৰ্ভুক্ত কৰা হৈছে ৷ কিউ আৰ ক'ড যাত্ৰীৰ ডাটা বেচৰ লগত সংযুক্ত হৈ থাকিব ৷ প্ৰৱেশদ্বাৰ সমূহত এই ক'ড স্কেন কৰা হ'ব ৷ এই ব্যৱস্থাৰ জৰিয়তে যাত্ৰীসকলৰ গণনা তথা যাত্ৰাপথৰ বিভিন্ন তথ্য লাভ কৰিব পৰা যাব ৷

অমৰনাথ যাত্ৰা

By

Published : May 29, 2019, 4:59 PM IST

Updated : May 29, 2019, 5:59 PM IST

শ্ৰীনগৰ, 29মে': জম্মু-কাশ্মীৰ ৰাজ্যপাল সত্য পাল মালিকে বুধবাৰে মুকলি কৰে অমৰনাথ যাত্ৰা অনলাইন পঞ্জীয়ন ৷ জুলাইৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব যাত্ৰা ৷ শ্ৰীঅমৰনাথ যাত্ৰা পৰিচালনা সমিতিৰ অধ্যক্ষ সত্যপাল মালিকে মুকলি কৰা এই যাত্ৰাৰ বাবে 500 তীৰ্থযাত্ৰীয়ে অনলাইন পঞ্জীয়ন কৰিব পাৰিব ৷ পেহলগামৰ দিশেৰে 250 জনে আৰু বলতলৰ তৰফৰ পৰা 250 জনে কৰিব পাৰিব এই যাত্ৰা ৷ যাত্ৰাৰ নতুন পদক্ষেপ হিচাপে যাত্ৰাৰ পাৰমিট আবেদন পত্ৰত কিউ আৰ ক'ড অন্তৰ্ভুক্ত কৰা হৈছে ৷ কিউ আৰ ক'ড যাত্ৰীৰ ডাটা বেচৰ লগত সংযুক্ত হৈ থাকিব ৷ প্ৰৱেশ দ্বাৰ সমূহত এই ক'ড স্কেন কৰা হ'ব ৷ এই ব্যৱস্থাৰ জৰিয়তে যাত্ৰীসকলৰ গণনা তথা যাত্ৰাপথৰ বিভিন্ন তথ্য লাভ কৰিব পৰা যাব ৷

যাত্ৰা পৰিচালনা সমিতিয়ে জনোৱা অনুসৰি অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ হ'লে ভৱিষ্যতে অনলাইন পঞ্জীয়নৰ সংখ্যা বৃদ্ধি কৰা হ'ব ৷

Last Updated : May 29, 2019, 5:59 PM IST

ABOUT THE AUTHOR

...view details