অসম

assam

ETV Bharat / bharat

অনলাইন নে কাগজ-কলম পৰীক্ষা ? বিশ্ববিদ্যালয় অনুদান আয়োগৰ কি হ'ব সিদ্ধান্ত !

বিশ্ববিদ্যালয় অনুদান আয়োগে নিয়োগ কৰা বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যৰ কমিটীয়ে ২৪ এপ্ৰিলত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিছে । লকডাউনৰ ফলত বন্ধ হৈ থকা দেশৰ বিভিন্ন পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব তাক লৈ এইখন কমিটীৰ পৰা পৰামৰ্শ বিচাৰিছিল বিশ্ববিদ্যালয় অনুদান আয়োগে । ইতিমধ্যে দেশৰ লক্ষাধিক শিক্ষাৰ্থীয়ে বিভিন্ন সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাসমূহৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে ।

বিশ্ববিদ্যালয় অনুদান আয়োগ
বিশ্ববিদ্যালয় অনুদান আয়োগ

By

Published : Apr 25, 2020, 1:42 PM IST

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ দেশব্যাপী কোভিড-১৯ বিয়পি পৰাৰ ফলত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৩ মে'লৈকে লকডাউন ঘোষণা কৰে । আনহাতে দেশত বৃদ্ধি পাই থকা পজিটিভ ঘটনাবোৰে সৰল নিয়মাৱলীৰ সৈতে লকডাউন আৰু অধিক দিনৰ বাবে বৃদ্ধি কৰাটোৱে সূচাইছে । এইদৰে দীঘলীয়া লকডাউনে দেশৰ শিক্ষা ব্যৱস্থা একপ্ৰকাৰ স্তব্ধ কৰি তোলাৰ দৰে হৈছে ।

দেশৰ বিভিন্ন এজেন্সি, সংস্থা আৰু প্ৰতিষ্ঠানসমূহে, যিসমূহে সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰে তেওঁলোকে কিদৰে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব তাক লৈ কোনো সমিধান বিচাৰি নোপোৱাত দেশৰ লক্ষাধিক শিক্ষাৰ্থীয়ে এতিয়া এক সুফলৰ বাবে বাট চাই থাকিবলগীয়া হৈছে ।

স্তব্ধ হৈ পৰা পৰীক্ষাসমূহ কিদৰে অনুষ্ঠিত কৰা হ'ব তাক লৈ বিশ্ববিদ্যালয় অনুদান আয়োগে নিয়োগ কৰা উপাচাৰ্য কমিটীয়ে ২৪ এপ্ৰিলত ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে । সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি, অহা সপ্তাহৰ ভিতৰতে আয়োগে এই খবৰ ৰাজহুৱা কৰিব । লকডাউনৰ মাজতে পৰীক্ষা অনুষ্ঠিত কৰা বিষয়টো চোৱাচিতা কৰিবলৈ নিয়োগ কৰা কমিটীখনৰ নেতৃত্বত আছিল হাৰিয়ানা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰ চি কুহাড় । বিশেষজ্ঞ কমিটীখনে প্ৰদান কৰা নীতি-নিৰ্দেশনাৰ ভিত্তিতে চৰকাৰে অহা সপ্তাহৰ ভিতৰত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰাক লৈ নিয়মাৱলীসমূহ ঘোষণা কৰিব । সমান্তৰালকৈ অনলাইন পৰীক্ষা নাইবা ইয়াৰ লগত জড়িত সকলো সম্ভাৱনাৰ বিষয়েও শীঘ্ৰেই ঘোষণা কৰা হ'ব । অৱশ্যে বিশ্ববিদ্যালয়সমূহে তেওঁলোকৰ আন্তঃগাঁথনি আৰু সুবিধাসমূহলৈ লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণ কৰিলে অধিক ভাল হ'ব বুলি বিশেষজ্ঞ কমিটীখনে পৰামৰ্শ প্ৰদান কৰিছে ।

দেশত বহুসংখ্যক বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় আছে যাৰ হাতত অনলাইন পৰীক্ষা অনুষ্ঠিত কৰিব পৰা আন্তঃগাঁথনি উপলব্ধ আছে । ইয়াৰে বেছিসংখ্যকেই চহৰীয়া নাইবা নগৰীয়া অঞ্চলত অৱস্থিত । কিন্তু অতিশয় দুৰ্গম আৰু গাঁৱলীয়া অঞ্চলত অৱস্থিত শিক্ষানুষ্ঠানবোৰৰ বাবে অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাটো প্ৰত্যাহ্বানমুলক হৈ পৰিব । এইক্ষেত্ৰত দুটাকৈ শাখাত ভাগ কৰি নিৰ্দেশাত্মক নীতিসমূহ পালনেৰে পৰীক্ষা অনুষ্ঠিত কৰাটোৱে অধিক গ্ৰহণীয় হ'ব ।

লকডাউনৰ ফলত স্তব্ধ হৈ পৰা পৰীক্ষাসমূহ কেতিয়ালৈ অনুষ্ঠিত হ'ব তাৰ বাবে দেশৰ লাখ লাখ শিক্ষাৰ্থীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে । সাধাৰণতে আমাৰ দেশত মাৰ্চৰ পৰা এপ্ৰিলৰ মাহৰ ভিতৰত পৰীক্ষাসমূহ অনুষ্ঠিত হয় । মে' মাহটো কিছুসংখ্যক প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত হয় । উচ্চ শিক্ষাৰ ক্ষেত্ৰত জুলাই-আগষ্টত নতুন শ্ৰেণীকোঠা আৰম্ভ হয় । কিন্তু কোভিড-১৯ মহামাৰী আৰু লকডাউনৰ মাজতে সাধাৰণ একাডেমিক চক্ৰটো ব্যতিব্যস্ত হৈ পৰিছে আৰু এইক্ষেত্ৰত অহা সপ্তাহৰ ভিতৰত শিক্ষাৰ্থীসকলে ভাল খবৰ লাভ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়কঃদেশবাসীক ৰমজানৰ শুভেচ্ছা ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ

ABOUT THE AUTHOR

...view details