অসম

assam

ETV Bharat / bharat

অনলাইন মেডিকেল ক্লিনিক ছফটোৱেৰ মুকলি - ভাৰ্চুৱেল মেডিকেল ক্লিনিক

ব্যৱহাৰৰ অধিক সহজ আৰু আৰু ভাৰ্চুৱেল মেডিকেল ক্লিনিকৰ বাবে এক ছফটোৱেৰ মুকলি কৰিছে হায়দৰাবাদৰ প্ৰযুক্তি কোম্পানী এটাই । দেশৰ প্ৰায় 1.15 মিলিয়ন পঞ্জীকৃত ডাক্তৰৰ পৰা চিকিৎসা গ্ৰহণ কৰিব পাৰিব এই ছফটোৱেৰৰ জৰিয়তে ।

অনলাইন মেডিকেল ক্লিনিক ছফটোৱেৰ মুকলি
অনলাইন মেডিকেল ক্লিনিক ছফটোৱেৰ মুকলি

By

Published : May 22, 2020, 5:19 PM IST

নিউজ ডেস্ক, 22 মে': হায়দৰাবাদ স্থিত প্ৰযুক্তি কোম্পানী NowFloats য়ে মুকলি কৰিছে অনলাইন ভিডিঅ' কলিং চিকিৎসা চফটোৱেৰ । তেওঁলোকে দাবী কৰা অনুসৰি এই চফটোৱেৰ ব্যৱহাৰৰ বাবে অতিকে সহজ । ইয়াৰ সহায়ত পঞ্জীকৃত হৈ থকা 1.15 মিলিয়ন ডাক্তৰ ভিডিঅ' ক্লিনিকৰ বাবে উপলব্ধ হ'ব ।

বৃহস্পতিবাৰে এই ছফটোৱেৰ মুকলি কৰে তেলেংগনা চৰকাৰৰ পৌৰ প্ৰশাসন আৰু নগৰ উন্নয়ণ মন্ত্ৰী কে টি ৰামা ৰাওৱে ।

5-in-1 ভিডিঅ' পৰামৰ্শৰ জৰিয়তে ভাৰতবৰ্ষত চিকিৎসা অধিক সুকীয়া আৰু কাৰ্যকৃত হ'ব ।

এই ছফটোৱেৰটো মুকলি কৰিব পাই তেওঁ খুৱেই সুখী আৰু শীঘ্ৰেই তেলেংগানাৰ কেবাখনো জিলাত ইয়াক প্ৰয়োগ কৰা হ'ব বুলি মন্ত্ৰী কে টি ৰামা ৰাওৱে প্ৰকাশ কৰে ।

যি সকলে ডাক্তৰে এই চফটোৱেৰটোৰ ব্যৱহাৰ কৰিব বিচাৰে তেওঁলোকে মাহিলী বা বাৰ্ষিক ছাবক্সিপছন মাচুল দিব লাগিব ।

ABOUT THE AUTHOR

...view details