অসম

assam

By

Published : Jul 22, 2020, 7:23 PM IST

ETV Bharat / bharat

অনলাইন শিক্ষা : সুবিধাতকৈ বেছি অসুবিধাৰহে সন্মুখীন হৈছে ছাত্ৰ তথা অভিভাৱক

কৰ'ণা ভাইৰাছৰ ফলত সংকট আহি পৰিছে বিশ্বৰ শিক্ষাব্যৱস্থাত ৷ অনলাইন শিক্ষাত সমস্যা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে শিশু তথা অভিভাৱকসকল ৷

অনলাইন শিক্ষা
অনলাইন শিক্ষাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন শিশু তথা অভিভাৱক

নিউজ ডেস্ক, 22 জুলাই :কৰ'ণা ভাইৰাছৰ ফলত সংকট আহি পৰিছে বিশ্বৰ শিক্ষাব্যৱস্থাত ৷ বিশ্বজুৰি বহুসংখ্যক লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে প্ৰাণ হেৰুওৱাৰ ফলত বিদ্যালয়, কলেজসমূহ প্ৰায় পাঁচ মাহ ধৰি বন্ধ হৈ আছে ৷ এনে সময়ছোৱাত সকলোৱে গ্ৰহণ কৰিছে অনলাইন শিক্ষা ৷ এই শিক্ষাই বহুল প্ৰচাৰ লাভ কৰিবলৈ সক্ষম হৈছে যদিও দুখীয়া শিশু আৰু অভিভাৱকৰ বাবে যথেষ্ট কষ্টকৰ হৈ পৰিছে ৷ তাৰোপৰি, অভিভাৱকসকলক ই অৰ্থনৈতিক ভাৱেও ক্ষতিগ্ৰস্ত কৰিছে ৷ আনহাতে, মোবাইল আৰু লেপটপৰ অধিক ব্যৱহাৰৰ কু-প্ৰভাৱ সম্পৰ্কতো অভিভাৱকসকলে অভিযোগ কৰা পৰিলক্ষিত হৈছে ৷ অনলাইন শিক্ষাৰ নামত দিনে তিনি/চাৰি ঘন্টাকৈ গেজেটসমূহ ব্যৱহাৰ কৰাৰ ফলত শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ভয়াবহতা বৃদ্ধি পাইছে ৷ সেয়েহে বহুসংখ্যক শিশু আৰু অভিভাৱকে ইয়াৰ বিৰোধিতা কৰা দেখা গৈছে ৷ কিন্তু, বিদ্যালয় প্ৰশাসনৰ চাপৰ ফলত তেওঁলোক অসহায় হৈ পৰিছে ৷ ছাত্ৰসকলে দাবী কৰিছে যে, অনলাইন শিক্ষাৰ সময়ত কোনো বিষয় ভালদৰে বুজিবলৈ সক্ষম নহ'লে পুনৰবাৰ সুধিবলৈ তেওঁলোক অসমৰ্থ ৷ আনহাতে, নেটৱৰ্কৰ ক্ষেত্ৰতো তেওঁলোকে বহু অসুবিধাৰ সন্মুখীন হৈছে ৷ নেটৱৰ্কৰ দুৰৱস্থাৰ বাবে ছাত্ৰসকলে বহুসময়ত গুৰুত্বপূৰ্ণ বিষয়ৰ পাঠদান লাভ কৰাৰ পৰা বিৰত থাকিব লাগে বুলিও অভিযোগ কৰিছে ৷

অনলাইন শিক্ষাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন শিশু তথা অভিভাৱক

বাৰ্মেৰৰ সীমান্ত অঞ্চলত অলনাইন শিক্ষাৰ ক্ষেত্ৰত অভিভাৱকসকলে বিভিন্ন মন্তব্য আগবঢ়াইছে ৷ দালু ৰাম চৌধাৰী নামৰ অভিভাৱকজনে কয় যে, মোবাইল নেটৱৰ্কেই আটাইতকৈ ডাঙৰ অসুবিধা, যিহেতু ইয়াৰ আৱাসী সকলে শিশুৰ বাবে এটা ফোন ক্ৰয় কৰিব পৰাকৈ অৰ্থনৈতিক অৱস্থা উন্নত নহয় ৷ বাৰ্মেৰৰ সীমান্ত অঞ্চলত অলনাইন শিক্ষাৰ ক্ষেত্ৰত অভিভাৱকসকলে বিভিন্ন মন্তব্য আগবঢ়াইছে ৷ দালু ৰাম চৌধাৰী নামৰ অভিভাৱকজনে কয় যে, মোবাইল নেটৱৰ্কেই আটাইতকৈ ডাঙৰ অসুবিধা, যিহেতু ইয়াৰ আৱাসী সকলে শিশুৰ বাবে এটা ফোন ক্ৰয় কৰিব পৰাকৈ অৰ্থনৈতিক অৱস্থা উন্নত নহয় ৷ আৰু এজন অভিভাৱক প্ৰবীন বোথৰাই কয় যে, তেওঁলোক যি স্থানত থাকে সেই স্থানৰ বাসিন্দাসকলে ইন্টাৰনেটৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে ৷

এই সম্পৰ্কত ইটিভি ভাৰতে ডঃ আৰ. কে. ছোলাংকীৰ সৈতে বাৰ্তালাপ কৰে ৷ ছোলাংকীয়ে কয় যে, অনলাইন শিক্ষাই মানসিক অশান্তি দিয়ে আৰু শিশুসকলে এনে শিক্ষাত মনোযাগ দিব নোৱাৰে ৷ ইয়াৰ ফলত বহু শিশু শাৰীৰিক ভাৱেও অসুস্থ হৈ পৰে ৷

এয়া কোৱাৰ প্ৰয়োজন নাই যে, শিক্ষা গ্ৰহণ কৰিবৰ বাবে পৰম্পৰাগত শিক্ষাৰ কোনো বিকল্প নাই ৷ কিন্তু বৰ্তমানৰ পৰিস্থিতিত সেয়া কোনো কাৰণতে সম্ভৱপৰ নহয় ৷ সেয়েহে সকলোৱে অনলাইন শিক্ষা গ্ৰহণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ছাত্ৰসকলৰ বাবে এই ব্যৱস্থাই শিক্ষাৰ দিশত আশা কঢ়িয়াই আনিছে যদিও আছে বহুতো সমস্যা আৰু প্ৰত্যাহ্বান আছে ৷ সেয়েহে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ বাবে ই বিভিন্ন বাধাৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক :আপুনি গুগল পে' ব্যৱহাৰকাৰী নেকি ? সাৱধান

ABOUT THE AUTHOR

...view details