নিউজ ডেস্ক, 23 এপ্ৰিল: কোৱা হয় ভাল দিনৰ তুলনাত বেয়া দিনে আপোনাক অধিক শিক্ষা দি থৈ যায় ৷ লক ডাউনৰ ফলত ইন্টাৰনেটৰ সমস্যা হোৱাৰ বিভিন্ন বাতৰি পোহৰলৈ অহাৰ সময়তেই এজন শিক্ষকে ইন্টাৰনেটৰ সমস্যাৰ বাবে শিক্ষাৰ্থীক অনলাইন শিক্ষা দিয়াৰ নিমিত্তে গ্ৰহণ কৰা পদক্ষেপে এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে ৷
শিক্ষক জনৰ নাম সুব্ৰত পতি ৷ সুব্ৰত কলকাতা চহৰৰ দুখনকৈ শিক্ষানুষ্ঠানত ইতিহাস বিভাগৰ শিক্ষক হিচাপে কৰ্মৰত ৷ লক ডাউনৰ সময়চোৱাত সুব্ৰত কলকাতাৰ পৰা 200 কিঃমিঃ নিলগৰ বাকুণ্ডা জিলাৰ অহন্দা গাঁৱত থকা পিতৰ ঘৰলৈ যায়গৈ ৷ কিন্তু বৰ্তমান মোবাইলত শিক্ষাৰ্থীক অনলাইন যোগে পাঠদান কৰাব লগা হোৱাত সুব্ৰতে নেটৱৰ্কৰ সমস্যাৰ বাবে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হবলগীয়া হৈছিল ৷ কিন্তু অৱশেষত সুব্ৰতে বিচাৰি উলিয়ালে এক ব্যতিক্ৰমী উপায় ৷