নেশ্যনেল ডেস্ক, 22 অক্টোবৰ :পিয়াজৰ আকাশলংঘী মূল্যই উপভোক্তাক শলঠেকত পেলাইছে ৷ সেয়েহে কেন্দ্ৰীয় গ্ৰাহক উপভোক্তা সেৱাই খাদ্যৰ বিতৰণ মন্ত্ৰণালয়ৰ সৈতে গ্ৰাহকক সকাহ দিয়াৰ বাবে গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷
পিয়াজৰ আকাশলংঘী দাম নিয়ন্ত্ৰণৰ বাবে বন্ধ কৰা হৈছে ইয়াৰ ৰপ্তানি ৷ পূৰ্বৰ পণ্যাগাৰৰ পৰা যোগান ধৰা হৈছে পিয়াজ ৷ কেন্দ্ৰীয় চৰকাৰে আমদানীৰ ক্ষেত্ৰত থকা বিভিন্ন নিৰ্দেশাৱলীও শিথিল কৰিছে ৷ এই পদক্ষেপৰ জৰিয়তে পিয়াজৰ দাম হ্ৰাস পোৱাৰ লগতে সহজে উপলভ্য হ'ব ৷
দিল্লীত প্ৰতি কিল'গ্ৰাম পিয়াজৰ মূল্য 50 টকা হোৱাৰ বিপৰীতে মুম্বাইত 67 টকা, কলকাতাত 65 টকা হৈছেগৈ ৷ আনহাতে,চেন্নাইত পিয়াজৰ মূল্য হৈছে 74 টকা ৷ দক্ষিণ আৰু পশ্চিম ভাৰতত বৰষুণৰ পৰিমাণ অধিক হোৱাৰ বাবেও ইয়াৰ যোগানত বাধাৰ সৃষ্টি হৈছে ৷