নেশ্যনেল ডেক্স,22 মেঃ 30 মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰখনে দ্বিতীয় কাৰ্যকালৰ এটা বছৰ সম্পূৰ্ণ কৰিব । প্ৰধানমন্ত্ৰী গৰাকীয়ে কাৰ্যভাৰ গ্ৰহণৰ কিছুদিনৰ ভিতৰতেই জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ অধিকাৰ উঠাই লোৱা হয়, তিনি তালাকক আইনত পৰিণত কৰা হয়, নাগৰিকত্ব সংশোধনী বিধেয়কক অনুমোদিত কৰি নাগৰিকত্ব সংশোধনী আইন কৰা হয় যি আইনৰ জৰিয়তে তিনিখন চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অনা-মুছলমান লোকসকল অনাৰ ব্যৱস্থা কৰা হ'ব, অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন(ইউ এ পি এ) সংশোধন কৰা হয় আৰু তথ্য জনাৰ অধিকাৰ আইনখন সৰলীকৰণ কৰা হয় । ইয়াৰ উপৰিও ভাৰতক তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি কৰি গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰ পিছতো ভাৰতীয় অৰ্থনীতি নিম্নমুখী প্ৰৱণতাৰ সাক্ষী হয় ।
চৰকাৰখনৰ কিছুমান সিদ্ধান্তই কৰ'ণা ভাইৰাছৰ আগলৈকে দেশজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰে । নৰেন্দ্ৰ মোডী চৰকাৰখন দ্বিতীয়টো কাৰ্যকালৰ কিছুমান সিদ্ধান্ত আৰু ইয়াৰ স্থিতি আৰু প্ৰভাৱ সম্পৰ্কে তলত বিস্তৃতভাৱে আলোচনা কৰা হ'ল ।
370 অনুচ্ছেদ বাতিলঃ
5 আগষ্টত,কেন্দ্ৰীয় চৰকাৰখনে সংবিধানৰ 370 নং অনুচ্ছেদ বাতিল কৰে । এই অনুচ্ছেদে জম্মু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰি আৰু ৰাজ্যখনক জম্মু-কাশ্মীৰ আৰু লাডাখ এই দুই কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰিছিল । একেদৰে আইন শৃংখলা পৰিস্থিতিৰ বাবে ৰাজ্যখনত নিষেধাজ্ঞা বলবৎ হয় । বিজেপিয়ে ইয়াৰ পূৰ্বে নিজৰ 'সংকল্প পত্ৰ'ত আৰএছএছৰ দীৰ্ঘদিনীয়া দাবীত এই বিতৰ্কিত ধাৰাটো বাতিল কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ।
2022 বৰ্ষৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধিঃ
বিজেপি এক মুখ্য প্ৰতিশ্ৰুতি আছিল 2022 বৰ্ষৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰা । 2016 চনতে নেচনেল বেংক অব এগ্ৰিকালচাৰ আৰু ৰুৰেল ডেভেলপমেন্টে আয় বৃদ্ধি সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰিছিল । নীতি আয়োগে 2017 বৰ্ষত নিজৰ প্ৰতিবেদন প্ৰদান কৰে । কিন্তু ইণ্ডিয়ান এক্সপ্ৰেছে মাৰ্চত প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি প্ৰকৃতাৰ্থত ফাৰ্মসমূহৰ আয়ৰ হাৰ 2018 বৰ্ষৰ অক্টোবৰৰ পৰা নবেম্বৰ মাহত 18 বছৰৰ আটাইতকৈ সৰ্বনিম্ন আছিল ।
আনহাতে, চৰকাৰৰ মতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত প্ৰথমটো কিস্তি হিচাপে 8.52 কৃষকে সৰ্বমুঠ 62.469 কোটি টকা লাভ কৰিছে ।
বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে ভাৰতঃ
2030 চনলৈ বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ ভাৰতে লক্ষ্য বান্ধি লৈছিল । বিজেপিয়ে 'নতুন ভাৰত'ৰ লক্ষ্য সৰোগত কৰি 2015 চনলৈ 5 ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হিচাপে আৰু 2032 চনলৈ 10 ত্ৰিলিয়ন ডলাৰৰ অৰ্থনৈতিক শক্তি সম্পন্ন ৰাষ্ট্ৰ গঠনৰ প্ৰতিশ্ৰুতি ইতিমধ্যে দাঙি ধৰিছে ।
অৱশ্যে, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীধিয়েভাৰতৰ 2019 চনৰ অৰ্থনৈতিক বিকাশৰ হাৰ 6.1 শতাংশৰ লক্ষ্যৰ পৰা 4.8 শতাংশ হ'ব বুলিহে পুৰ্বানুমান প্ৰকাশ কৰে । ইয়াৰ মূলতে স্থানীয় বজাৰত হ্ৰাস পোৱা চহিদা আৰু অনাবিত্তীয় প্ৰতিষ্ঠানসমূহৰ ওপৰত সৃষ্টি হোৱা চাপ অন্যতম কাৰণ বলি আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে প্ৰকাশ কৰে ।
অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইনঃ
2019 চনত কেন্দ্ৰীয় চৰকাৰে আইনখন সংসদত গৃহীত কৰে । এই সংশোধিত আইনে নিৰ্দিষ্ট ব্যক্তি এজনক সন্ত্ৰাসবাদী হিচাপে ঘোষিত কৰা আৰু সম্পত্তি বাজেয়াপ্ত কৰাৰ অধিকাৰ কেন্দ্ৰীয় চৰকাৰক অৰ্পন কৰে । আনহাতে, এই সংশোধিত আইনে নিৰ্দিষ্ট ব্যক্তিগৰাকীক সকলো ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰাৰ অধিকাৰো প্ৰদান কৰে । কিন্তু বিৰোধীয়ে এই সংশোধিত ৰূপৰ আইনখনক ক'লা আইন হিচাপে অভিহিত কৰে ।
তিনি তালাকঃ
মুছলিম মহিলাৰ বিবাহৰ ওপৰত অধিকাৰৰ নিৰাপত্তা সম্পৰ্কীয় বিধেয়ক খন 2019 চনত গৃহীত কৰা হয় । বিজেপিয়ে তিনি তালাকৰ ধৰ্মীয় ব্যৱস্থাপনাক অপৰাধ ৰূপে প্ৰতিস্থা কৰি আইনখন গৃহীত কৰিবলৈ সক্ষম হয় ।
বিজেপিয়ে তিনি তালাকৰ ব্যৱস্থাটোক নিৰবচ্ছিন্নভাৱে বিৰোধীতা কৰাৰ লগতে মুছলিম পাৰ্ছনেল ল' বোৰ্ডৰ অন্যান্য বিতৰ্কিত দফাসমূহৰো বিৰোধীতা কৰি আহিছে । দেশৰ সাধাৰণ আইনৰ বিপৰীতে পাৰ্ছনেল ল' বোৰ্ডৰ নিয়মসমূহে জটিলতাৰ সৃষ্টি কৰি অহা বুলি যুক্তি দৰ্শোৱাৰ লগতে ইউনিফৰ্ম চিভিল ক'ডৰ পোষকতা কৰে ।
ৰাম মন্দিৰঃ