অসম

assam

ETV Bharat / bharat

জুন মাহৰ পৰা প্ৰৱৰ্তন হ'ব এক দেশ, এক ৰেচন কাৰ্ডঃ ৰামবিলাস পাছোৱান - ৰামবিলাস পাছোৱান এক দেশ এক ৰেচন কাৰ্ড

কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানে সমগ্ৰ দেশতে এক ৰেচন কাৰ্ড প্ৰযোজ্য কৰাৰ কথা উল্লেখ কৰিছে ৷ মঙলবাৰে সদনত এই কথা উল্লেখ কৰি 2020 চনৰ জুন মাহৰ পৰাই এই কাৰ্যসূচী আৰম্ভ হ'ব বুলি জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

one nation one ration card initiative, one nation one ration card effect from june 2020, Ram Vilash Paswan said one nation one ration card, one nation one ration card in loksabha, এক দেশ এক ৰেচন কাৰ্ড ব্যৱস্থা, 2020ৰ জুনৰ পৰা প্ৰযোজ্য হ'ব এক দেশ এক ৰেচন কাৰ্ড, ৰামবিলাস পাছোৱান এক দেশ এক ৰেচন কাৰ্ড, লোকসভাত এক দেশ এক ৰেচন কাৰ্ড
এক দেশ, এক ৰেচন কাৰ্ড

By

Published : Dec 3, 2019, 7:01 PM IST

নেশ্বনেল ডেস্ক, 3 ডিচেম্বৰঃকেন্দ্ৰীয় চৰকাৰৰ এক দেশ, এক ৰেচন কাৰ্ড কৰ্মসূচী আগন্তুক বৰ্ষৰ জুন মাহৰ পৰা প্ৰযোজ্য হ'ব ৷ প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু দৈনিক শ্ৰমজীৱিসকলৰ বাবে গ্ৰহণ কৰা এই আঁচনি সমগ্ৰ দেশতে 2020 চনৰ 1 জুনৰ পৰাই কাৰ্যকৰী কৰা হ'ব বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানে ৷ মঙলবাৰে সদনত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃ মুম্বাইত ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ মকড্ৰিল

এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলে একেখন ৰেচন কাৰ্ডৰ দ্বাৰাই দেশৰ যিকোনো প্ৰান্তত খাদ্যসামগ্ৰী লাভ কৰিব ৷ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত দেশৰ যিকোনো প্ৰান্তৰ সুলভ মূল্যৰ দোকানৰ পৰাই হিতাধিকাৰীসকলে নিজৰ নামত অহা খাদ্যসামগ্ৰী ক্ৰয় কৰিব পাৰিব ৷ বৈদ্যুতিক বিক্ৰী কেন্দ্ৰত বায়'মেট্ৰিক অথবা আধাৰ কাৰ্ড সংলগ্ন কৰাৰ পিচত সম্পূৰ্ণৰূপে অনলাইন বৈদ্যুতিক বিক্ৰী কেন্দ্ৰ যন্ত্ৰৰ দ্বাৰা সুলভ মূল্যৰ দোকানত এই সেৱা হিতাধিকাৰীসকলৰ বাবে উপলব্ধ হ'ব ৷ কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী ৰামবিলাস পাছোৱানে মঙলবাৰে লোকসভাত এই কথা উল্লেখ কৰে ৷ এই ব্যৱস্থা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছক এক ৰোডমেপ তৈয়াৰ কৰাৰ বাবে মন্ত্ৰালয়ে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰিছে ৷

লগতে পঢ়কঃ নৌসেনা দিৱসৰ পূৰ্বে বিশাখাপট্টনমত নৌ-বাহিনীৰ অনুশীলন

ABOUT THE AUTHOR

...view details