নিউজ ডেস্ক, 10 জানুৱাৰী : ওড়িশাৰ নাবৰংপুৰ জিলাত দেওবাৰে এখন দলং নিৰ্মাণৰ কাম চলি থকা সময়তে হঠাৎ খহি পৰে ৷ নিৰ্মীয়মান দলংখন খহি পৰাৰ ফলত এজন লোক মৃত্যু হোৱাৰ লগতে আন ৬ জন শ্ৰমিক গুৰুতৰভাৱে আহত হয় । প্ৰাথমিক তথ্যত জানিব পৰা অনুসৰি দলংখনৰ নিৰ্মাণৰ কাম গ্ৰাম্য উন্নয়ন বিভাগে কৰিছিল ।
ওড়িশাত দলং খহি এজনৰ মৃত্যু
বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি বৈজয়ন্ত জয় পাণ্ডাই টুইটযোগে মৃত শ্ৰমিকজনৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনোৱাৰ লগতে আহত শ্ৰমিককেইজনৰ দ্ৰুত আৰোগ্য কামনা কৰিছে ।
ওড়িশাত দলং খহি এজনৰ মৃত্যু: ছজন আহত
বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি বৈজয়ন্ত জয় পাণ্ডাই টুইটযোগে এই ঘটনাত শোক প্ৰকাশ কৰিছে ৷ তেওঁ মৃত শ্ৰমিকজনৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনোৱাৰ লগতে আহত শ্ৰমিককেইজনৰ দ্ৰুত আৰোগ্য কামনা কৰিছে ।
লগতে পঢ়ক :জগন্নাথ মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত বাধ্যতামূলক নহ’ব ক’ভিড পৰীক্ষণ