অসম

assam

ETV Bharat / bharat

দুমাহৰ অন্তত পৰ্যটকৰ বাবে মুকলি চিলিগুৰিৰ চাফাৰি পাৰ্ক

দুমাহৰ অন্তত পশ্চিমবংগৰ চাফাৰি পাৰ্ক খোলাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে। পাৰ্ক কতৃপক্ষই জানিবলৈ দিয়া অনুসৰি, সকলো লোকে মাস্ক আৰু সামাজিক দুৰত্ব মানি চলিব লাগিব। পৰ্যটকৰ বাবেই আশাবাদী কতৃপক্ষ ।

One and only safari park of West Bengal to open soon which is situated in Siliguri
দুমাহৰ অন্তত পৰ্যটকৰ বাবে মুকলি চিলিগুৰিৰ চাফাৰি পাৰ্ক

By

Published : Jun 4, 2020, 4:23 PM IST

নিউজ ডেস্ক, ৪ জুন :প্ৰায় দুমাহ যোৰা লক ডাউনৰ অন্তত লাহে-লাহে সুস্থিৰ হৈছে স্বাভাৱিক জীৱন । কভিড-১৯ৰ বাবে জন সমাগম হোৱা সকলো অনুষ্ঠান-প্ৰতিষ্ঠান চৰকাৰে বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছিল । লক ডাউনৰ বাবে বন্ধ হৈ আছিল ছিলিগুৰিৰ একমাত্ৰ পাৰ্ক চাফাৰি পাৰ্ক । কিন্তু শেহেতীয়া এক নিৰ্দেশ অনুসৰি চাফাৰি পাৰ্ক খোলাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে ।

দুমাহৰ অন্তত পৰ্যটকৰ বাবে মুকলি চাফাৰি পাৰ্ক

আনহাতে,৮ জুন তাৰিখৰ পৰা সকলো ধৰণৰ হোটেল-ৰেষ্টোৰা ও খোলাৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে। চৰকাৰী নিৰ্দেশনা অনুসৰি,সকলো লোক তথা পৰ্যটকৰ বাবে মাস্ক আৰু চেনিটাইজাৰ বাধ্যতামূলক কৰা হৈছে । পাৰ্কত প্ৰৱেশ কৰা সকলো লোকে সামাজিক দুৰত্ব মানি চলাটো বাধ্যতামূলক কৰিছে প্ৰশাসনে। পাৰ্ক কতৃপক্ষই জনোৱা অনুসৰি,লক ডাউনৰ বাবে ব্যাপক হাৰত লোকচানৰ সন্মুখীন হৈছে তেওঁলোক । বিগত বছৰত বহু কোটি টকাৰ টিকট বিক্ৰী হোৱা পাৰ্কখনত চলিত বৰ্ষত বৃহৎ লোকচানৰ সন্মুখীন হোৱা বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। গতিকে দুমাহৰ অন্তত খুলিবলৈ অনুমতি প্ৰদান কৰা পাৰ্কখনক লৈ খুবেই আশাবাদী কৰ্তৃপক্ষ ।

দুমাহৰ অন্তুত পৰ্যটকৰ বাবে মুকলি চাফাৰি পাৰ্ক

লগতে পঢ়ক : কৰিমগঞ্জৰ ৰাজহুৱা স্থানত উদ্ধাৰ ব্যৱহৃত পিপিই কিট

ABOUT THE AUTHOR

...view details