নিউজ ডেস্ক, ৫ জুনঃ কেৰালাৰ পলক্কড়ত গৰ্ভৱতী হাতীক আনাৰসৰ ভিৰতত ফটকা খুৱাই হাতীজনীক মৃত্যুমুখলৈ ঠেলি দিয়া ঘটনা সন্দৰ্ভত শুকুৰবাৰে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে বুলি জানিবলৈ দিয়ে কেৰালাৰ বনমন্ত্ৰীয়ে ।
কেৰালাৰ গৰ্ভৱতী হাতীৰ হত্যা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ - কেৰালাৰ গৰ্ভৱতী হাতীৰ হত্যা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ
শুকুৰবাৰে কেৰালাৰ পলক্কড়ৰ গৰ্ভৱতী হাতীৰ মৃত্যু সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজনক । শুকুৰবাৰে কেৰালাৰ বন মন্ত্ৰী ঘোষণা কৰে এই কথা । কোনো দুষ্কৃতিকাৰীয়ে আনাৰসৰ ভিতৰত শক্তিশালী ফটকা খাবলৈ আগবঢ়াই দি মৃত্যুমুখলৈ ঠেলি দিছিল গৰ্ভৱতী হাতীজনীক ৷
উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে কেৰালাৰ চাইলেণ্ট ভেলীৰ জংঘলত এজনী গৰ্ভৱতী হাতীৰ মৃত্যু হয় । হাতীজনীৰ মৃত্যুক লৈ বৰ্তমানেও সমগ্ৰ দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়াৰ ।
কোনো দুষ্কৃতিকাৰীয়ে শক্তিশালী ফটকা ভৰাই থোৱা এটি আনাৰস খাইছিল গৰ্ভৱতী হাতীজনীয়ে । তাৰ পাচতে শক্তিশালী ফটকা বিস্ফোৰণ ঘটি হাতীজনীৰ মুখৰ ভিতৰভাগ সম্পূৰ্ণৰূপে জ্বলি যায় । যাৰ ফলতেই বিগত বহু দিন ধৰি হাতীজনী কষ্ট ভোগ কৰিব লগা হয় । হাতীজনীক এখন নৈত স্থানীয় একাংশ ব্যক্তিয়ে প্ৰত্যক্ষ কৰাৰ পাচতে বন বিভাগক খবৰ দিয়ে । আৰু তাৰ পাচতে ঘটনাস্থলীত মল্লপুৰম জিলাৰ মোহন কৃষ্ণন নামৰ এগৰাকী বন বিষয়াই ফেচবুকৰ জৰিয়তে সমগ্ৰ ঘটনাৰ বিবৰণ দাঙি ধৰে ।