অসম

assam

ETV Bharat / bharat

নৌসেনা দিৱসৰ শুভক্ষণত 'সাহসী' নৌকৰ্মীক অভিবাদন প্ৰধানমন্ত্ৰী মোডীৰ - নৌসেনা দিৱসৰ শুভক্ষণত 'সাহসী' নৌকৰ্মীক অভিবাদন প্ৰধানমন্ত্ৰী মোডীৰ

নৌসেনা দিৱসৰ শুভক্ষণত নৌসেনা বাহিনীক শুভেচ্ছা জ্ঞাপন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ তেওঁৰ উপৰি ৰাষ্ট্ৰপতি কোবিন্দ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও শুভেচ্ছা প্ৰেৰণ কৰে ৷

দেশৰ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
প্ৰধানমন্ত্ৰী মোডী

By

Published : Dec 4, 2019, 2:45 PM IST

নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ : নৌসেনা দিৱসৰ শুভক্ষণত বুধবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নৌসেনাৰ সাহসী কৰ্মীসকলক তেওঁলোকৰ সেৱা আৰু ত্যাগৰ বাবে অভিবাদন দিয়ে ৷ 83 ছেকেণ্ডৰ এটা ভিডিঅ' টুইট কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "নৌসেনা দিৱসৰ এই শুভক্ষণত আমি সাহসী নৌকৰ্মীসকলক শ্ৰদ্ধাৰে সোঁৱৰো ৷ তেওঁলোকৰ সেৱা আৰু ত্যাগৰ ফলতে আমাৰ দেশ শক্তিশালী আৰু সুৰক্ষিত হ'বলৈ সক্ষম হৈছে ৷"

প্ৰধানমন্ত্ৰীগৰাকীৰ পূৰ্বে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দেও নৌসেনা বিভাগৰ সকলো কৰ্মচাৰীলৈ শুভেচ্ছা প্ৰেৰণ কৰে ৷ কোবিন্দে টুইটাৰৰ জৰিয়তে কয়, "নৌসেনা দিৱসত বিভাগটোৰ বিষয়া তথা পুৰুষ আৰু মহিলা কৰ্মচাৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছো ৷ সামুদ্ৰিক সীমা, ব্যৱসায়িক পথ, জৰুৰীকালিন অৱস্থাত সহায়ৰ বাবে সাজু হৈ থকা এই বীৰসকলৰ দায়বদ্ধতাকলৈ সমগ্ৰ দেশ গৰ্বিত ৷ আপোনালোকে সদায় পানীত ৰাজত্ব কৰি থাকক ৷ জয় হিন্দ !"

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, "ভাৰতৰ প্ৰতিগৰাকী নৌসেনা কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিলো ৷ ভাৰতীয় নৌসেনাৰ ওপৰত দেশৰ অসীম বিশ্বাস আছে ৷ এয়া ভাৰতৰ সামুদ্ৰিক শক্তিৰ প্ৰদৰ্শন ৷ ভাৰতৰ এই অদম্য শক্তিক আমি সন্মান কৰো ৷"

আৰু পঢ়ক : লিয়নেল মেছী আৰু মেগান ৰেপিন'লৈ 'বেলন ডি'অৰ'-2019 সন্মান

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details