নিউজ ডেস্ক, ৫ মে' :৪০ দিনৰ অন্তত প্ৰথমবাৰৰ বাবে খুলি দিয়া সুৰাৰ দোকানত সুৰা বিক্ৰীয়ে সকলো অভিলেখ ভংগ কৰিলে কৰ্ণাটকত । ৰাজ্যখনৰ আৱকাৰী মন্ত্ৰী এইচ. নাগেশে নতুন যোগান আহি পোৱাৰ পিচত সকলো ব্ৰেণ্ডৰে অতিৰিক্ত মূল্য বৃদ্ধি হ'ব বুলি ঘোষণা কৰিছিল । তাৰ পিচতেই লকডাউনৰ অন্তত প্ৰথমবাৰৰ বাবে সুৰাৰ দোকান খুলি দিয়াত এদিনতে প্ৰায় ৪৫ কোটিৰ সুৰা বিক্ৰী হয় ৰাজ্যখনত ।
আৱকাৰী মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, সকলো সুৰাৰ ব্ৰেণ্ডতে অহা সপ্তাহৰ পৰা নতুন নিৰীখ জাৰী হ'ব । সুৰাৰ বিক্ৰীত অতিৰিক্ত ৬ শতাংশ আৱকাৰী কৰ আৰোপ কৰিব ৰাজ্যখনে । ২০২০-২১ বিত্তীয় বৰ্ষতে ৰাজ্য চৰকাৰে ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নীতি গ্ৰহণ কৰিছিল যদিও লকডাউনৰ ফলত ইয়াক কাৰ্যকৰী কৰিব পৰা নাছিল ।
বিগত ৪০ দিনৰ লকডাউনৰ ফলত কৰ্ণাটকে প্ৰায় ৩,০০০ কোটি টকাৰ আৱকাৰী কৰ হেৰুৱাইছে । ইয়াৰে ৫০ শতাংশ কৰ এই বৰ্ধিত অতিৰিক্ত ৬ শতাংশ কৰৰ দ্বাৰা উদ্ধাৰ কৰিব পৰা যাব বুলি আৱকাৰী মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।