অসম

assam

ETV Bharat / bharat

মালদ্বীপৰ 31 সংখ্যক বিজয় দিৱসত ভাৰতৰ সামৰিক সহায়ৰ স্মৃতি ৰোমন্ঠন - মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মাছুম আব্দুল গায়ুম

মালদ্বীপৰ 31 সংখ্যক বিজয় দিৱসৰ অনুষ্ঠানৰ দিনাটোত মালদ্বীপৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আব্দুল্লাহ শ্বাহিদে ভাৰতৰ সামৰিক সহায়ৰ স্মৃতি ৰোমন্ঠন কৰে ৷

মালদ্বীপৰ 31 সংখ্যক বিজয় দিৱসত ভাৰতৰ সামৰিক সহায়ৰ স্মৃতি ৰোমন্ঠন

By

Published : Nov 3, 2019, 11:47 PM IST

নিউজ ডেস্ক, 3 নৱেম্বৰঃ মালদ্বীপৰ 31 সংখ্যক বিজয় দিৱসৰ অনুষ্ঠানৰ দিনাখন মালদ্বীপৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আব্দুল্লাহ শ্বাহিদে 3 নৱেম্বৰ 1988 চনত ভাৰতৰ অবক্তব্য সামৰিক সহায়ৰ স্মৃতি ৰোমন্ঠন কৰে ৷ লগতে তেওঁ মালদ্বীপ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীৰ সাহসী শ্বহীদ বীৰ জোৱানসকল আৰু দেশৰ বাবে নিজক বলিদান দিয়া সাধাৰণ জনসাধাৰণক স্মৰণ কৰে ৷ আৰু কয় যে, আমি গৌৰৱান্বিত আৰু তেওঁলোকে নিজৰ বীৰত্ব প্ৰদৰ্শন কৰি দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত যি ত্যাগ, সাহসীকতা আৰু নিজক উচৰ্গা কৰিলে তাৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰিছো ৷ ইয়াৰোপৰি তেওঁ কয় আজিৰ দিনটো আচলতে বন্ধুত্ব আৰু সহযোগিতাৰ দিন, কিয়নো ভাৰত চৰকাৰৰ সেই অমূল্য সামৰিক সহযোগ আমাৰ হৃদয়ৰ স্মৃতিৰ মণিকোঠত চিৰদিন সজীৱ হৈ ৰ’ব ৷ আমি ভাৰতৰ সেই সহায়ৰ প্ৰতি চিৰ কৃতজ্ঞ হৈ ৰ'ম বুলিও তেওঁ মন্তব্য আগবঢ়ায় ৷

কি হৈছিল 1988 চনতঃ

1988 চনৰ 2-3 নৱেম্বৰৰ নিশা প্ৰায় 300ৰ পৰা 500 গৰাকী তামিল/সিংহলী ভাষিক সশস্ত্ৰ বন্দুকধাৰী সন্ত্ৰাসবাদী মালদ্বীপৰ ৰাজধানী মালেত উপস্থিত হৈ দখল কৰিছিল সমগ্ৰ চহৰখন ৷ এই ঘটনাৰ পিছতে সেইসময়ৰ মালদ্বীপৰ ৰাষ্ট্ৰপতি আত্মগোপন কৰে আৰু লগে লগেই ভাৰতক সামৰিক সহায়ৰ বাবে যোগাযোগ কৰে ৷

অপাৰেচন অক্টোপাছঃ

এই ঘটনাৰ মোকাবিলা কৰিবলৈ ভাৰতৰ সহযোগত মালদ্বীপে অপাৰেচন কেকটাছ নামেৰে এক অভিযান আৰম্ভ কৰে ৷ য’ত ভাৰতীয় বায়ুসেনাৰ এটা পেৰাছুইট গ্ৰুপ আগ্ৰাৰ পৰা একেৰাহে 2000 কিঃমি বাট ভাৰতৰ দক্ষিণ-পশ্চিম উপকুলেৰে মালদ্বীপলৈ যাত্ৰা কৰিছিল ৷
ইতিমধ্যে সমগ্ৰ মালে চহৰখন সশস্ত্ৰ বন্দুকধাৰী সন্ত্ৰাসবাদীসকলে দখল কৰি দেশৰ বিশেষ ব্যক্তি কিছুমানক বন্দী কৰি শ্ৰীলংকালৈ যাত্ৰা আৰম্ভ কৰিছিল ৷ এনেতে ভাৰতৰ নৌসেনা আৰু বায়ুসেনাই নিজৰ এন.এছ গোদাবৰী লৈ উক্ত স্থানত উপস্থিত হৈ সন্ত্ৰাসবাদীসকলৰ সৈতে মোকাবিলা কৰি বন্দী সকলক মুক্ত কৰি বন্দুকধাৰীসকল কাৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল ৷

মালদ্বীপৰ মন্ত্ৰীসকলৰ মন্তব্যঃ

মালদ্বীপৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে কয় যে সৰু সৰু ৰাষ্ট্ৰবোৰে বহিৰাগত আক্ৰমণৰ সন্মূখীন হৈ আহিছে আৰু এই শংকাৰ পৰা নিজক প্ৰস্তুত কৰিব পৰা নাই ৷ এই আক্ৰমণৰ পিছত মালদ্বীপৰ লগতে অইন সৰু সৰু ৰাষ্ট্ৰসমূহৰ নিজৰ সুৰক্ষাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয়ভাৱে সহায়-সহযোগিতাৰ বাট মুকলি কৰিছে বুলি মন্তব্য কৰে ৷

মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মাছুম আব্দুল গায়ুমেটুইটাৰৰ জৰিয়তে উল্লেখ কৰে যে, এই শুভ বিজয় দিৱসত সৰ্বশক্তিমান ভগৱানক ধন্যবাদ জনাইছো ৷ আৰু দেশৰ শ্বহীদ সকলক স্মৰণ কৰি সমূহ মালদ্বীপবাসীক অভিবাদন ব্যক্ত কৰে ৷ লগতে তেওঁ ভাৰতক ধন্যবাদ জ্ঞাপন কৰি কয় যে, সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কৰা যুদ্ধত ভাৰতৰ সহায়ৰ প্ৰতি আমি চিৰ কৃতজ্ঞ ৷

আৰু পঢ়কঃ আঞ্চলিক অৰ্থনৈতিক সহযোগিতা সংস্থা(RCEP)চুক্তি ভাৰতৰ অৰ্থনীতিৰ বাবে আঘাত সদৃশ হ’বঃ ছোনিয়া গান্ধী

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details