অসম

assam

ETV Bharat / bharat

PSA ৰ অধীনত ওমৰ আব্দুল্লাক আটক : উচ্চতম ন্যায়ালয়ত ভগ্নীৰ প্ৰত্যাহ্বান - অধিবক্তা এন. ভি. ৰমানাৰ নেতৃত্ব গঠিত এক বিচাৰক মণ্ডলী

ওমৰ আব্দুল্লাক আটক সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান ভগ্নীৰ ৷ PSA ৰ অধীনত আব্দুল্লাক আটক কৰাৰ বিৰুদ্ধে দাখিল কৰিছে আবেদন ৷

উচ্চতম ন্যায়ালয়ত ভগ্নীৰ প্ৰত্যাহ্বান
ওমৰ আব্দুল্লাক আটক

By

Published : Feb 10, 2020, 7:09 PM IST

নেশ্যনেল ডেস্ক, 10 ফেব্ৰুৱাৰী : জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক Public Safety Act(PSA) ৰ অধীনত আটক কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে ভগ্নীয়ে ৷

অধিবক্তা এন. ভি. ৰমানাৰ নেতৃত্ব গঠিত এক বিচাৰক মণ্ডলীৰ সন্মুখত ওমৰ আব্দুল্লাৰ হৈ উকালতি কৰা জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে এই বিষয়ে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰে ৷

ছিবালে বিচাৰক মণ্ডলীৰ আগত কয় যে, ওমৰ আব্দুল্লাক আটক কৰা সন্দৰ্ভত তেওঁলোকে এখন আবেদন দাখিল কৰিছে আৰু এই সপ্তাহতে এই গোচৰক লৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ বিচাৰক মণ্ডলীয়ে অতি সোনকালে এই সম্পৰ্কত ব্যৱস্থা গ্ৰহণ কৰিবলৈও মান্তি হোৱা বুলি জানিব পৰা গৈছে ৷

আৰু পঢ়ক : নাৰী সুৰক্ষা সম্পৰ্কে সদনত বলিষ্ঠ ৰূপত গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details